অসম

assam

ETV Bharat / bharat

26 জানুৱাৰীৰ পৰা অযোধ্যাত আৰম্ভ হ'ব মচজিদ নিৰ্মাণৰ কাম - Construction of The Mohajid will begin in Ayodhya.

অযোধ্যাত 26 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব মচজিদ নিৰ্মাণৰ কাম কাজ ৷ 26 জানুৱাৰীৰ দিনা ৰাতিপুৱা 8.30 মিনিটত ইয়াৰ শিলান্যাস কৰা হ'ব ৷ তাৰ আগতে 23 জানুৱাৰীত মচজিদ নিৰ্মাণৰ বাবে থকা 5 একৰ ভূমি পৰীক্ষা কৰা হ'ব ৷

26 জানুৱাৰীৰ পৰা অযোধ্যাত আৰম্ভ হ'ব মচজিদ নিৰ্মাণৰ কাম
26 জানুৱাৰীৰ পৰা অযোধ্যাত আৰম্ভ হ'ব মচজিদ নিৰ্মাণৰ কাম

By

Published : Jan 18, 2021, 8:08 AM IST

Updated : Jan 18, 2021, 8:51 AM IST

নেশ্যনেল ডেস্ক, 18 জানুৱাৰী: 26 জানুৱাৰীৰ পৰা অযোধ্যাত আৰম্ভ হ'ব মচজিদ নিৰ্মাণৰ কাম কাজ ৷ ৰাতিপুৱা 8.30 মিনিটত কৰা হ'ব শিলান্যাস ৷ ইণ্ডো-ইছলামিক কালচাৰ ফাউণ্ডেচনৰ সচিব আতহৰ হুছেইনে কয় যে,মচজিদ নিৰ্মাণৰ কাম কাজবোৰ অতি সাধাৰণ ভাৱে কৰা হ'ব ৷ এই অনুষ্ঠানত বোৰ্ডৰ মাত্ৰ 9 জন সদস্যহে উপস্থিত থাকিব পাৰিব । দেওবাৰে এক ভাৰ্চুৱেল মিটিঙৰ জৰিয়তে সচিব গৰাকীয়ে এই কথা সকলোৰে আগত সদৰী কৰে ৷ ভাৰ্চুৱেল সভাখনৰ সভাপতি জুফাৰ আহমদ ফাৰুকীয়ে কয় যে,এই প্ৰকল্পটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ বাবে অযােধ্যা জিলা বোৰ্ডৰ পৰা পৰিকল্পনা অনুমোদনৰ বাবে আবেদন আৰু 5 একৰ ভূমি পৰীক্ষা কৰা প্ৰক্ৰিয়াটো 23জানুৱাৰীত কৰা হ'ব।

ইফালে ইণ্ডো-ইছলামিক কালচাৰ ফাউণ্ডেচনৰ সচিব অতহৰ হুছেইনে কয় যে,মচজিদ নিৰ্মাণৰ লগতে সেই স্থানত একেলগে এইবছৰৰ গণতন্ত্ৰ দিৱস পালন কৰা হ'ব ৷ ইয়াৰ সমান্তৰাল ভাৱে 26 জানুৱাৰীৰ পাতিপুৱা 5 একৰ ভূমিৰ ভূমি পূজন কৰাৰ পাচত মহজিদৰ ওচৰে পাজৰে হাস্পটাল,সংগ্ৰাহলয়, চিকিৎসালয় আদি স্থাপন কৰা হ'ব ৷

Last Updated : Jan 18, 2021, 8:51 AM IST

ABOUT THE AUTHOR

...view details