অসম

assam

ETV Bharat / bharat

Delhi Ordinance row : আপক সমৰ্থন সন্দৰ্ভত কংগ্ৰেছে শীঘ্ৰে ল'ব সিদ্ধান্ত - Congress will take decision on Ordinance row

কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে কেজৰিৱালৰ অভিযান অব্যাহত আছে । কংগ্ৰেছ দলে সমৰ্থন কৰিব নে নাই তাক লৈ বিভিন্ন মহলত চৰ্চা চলি থকাৰ মাজতে খাৰ্গেই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । সংসদৰ অধিৱেশনৰ পূৰ্বে কংগ্ৰেছে ল'ব সিদ্ধান্ত ।

Delhi Ordinance row
আপক সমৰ্থন সন্দৰ্ভত কংগ্ৰেছে শীঘ্ৰে ল'ব সিদ্ধান্ত

By

Published : Jun 23, 2023, 5:25 PM IST

নেশ্যনেল ডেস্ক,২৩ জুন :দিল্লীত প্ৰশাসনিক সেৱা নিয়ন্ত্ৰণৰ ওপৰত কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে আম আদমি পাৰ্টীক (আপ) সমৰ্থন সন্দৰ্ভত কংগ্ৰেছে শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰিব । দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই শুকুৰবাৰে কয় যে এই সন্দৰ্ভত দলে সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সিদ্ধান্ত গ্ৰহণ কৰিব । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আপে বৃহস্পতিবাৰে কংগ্ৰেছক এক চূড়ান্ত সময়সীমা জাৰি কৰাৰ পাছতে দলৰ সভাপতি খাৰ্গেয়ে এই মন্তব্য কৰে ।

আম আদমি পাৰ্টীয়ে ঘোষণা কৰিছিল যে যদি কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে কংগ্ৰেছে আপক সমৰ্থন নকৰে তেনেহ'লে বিহাৰৰ পাটনাত অনুষ্ঠিত বিৰোধী বৈঠকখনত দলটো উপস্থিত নাথাকে ।

বিৰোধী দলসমূহৰ বৈঠকত অংশ ল'বলৈ পাটনালৈ ৰাওনা হোৱাৰ পূৰ্বেই খাৰ্গেয়ে কয় যে সকলোৱে বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজ দিব বিচাৰে আৰু কংগ্ৰেছৰো লক্ষ্য হৈছে বিজেপি চৰকাৰক আঁতৰ কৰা । খাৰ্গে লগতে কয় যে সংসদৰ অধিৱেশনৰ পূৰ্বে কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে আপক সমৰ্থন কৰাৰ ওপৰত সিদ্ধান্ত লোৱা হ'ব ।

ইয়াৰ পূৰ্বে আপৰ মুখপাত্ৰ প্ৰিয়ংকা কক্কৰে অভিযোগ উত্থাপন কৰি কৈছিল যে ৰাহুল গান্ধী আৰু বিজেপিৰ মাজত এক চুক্তি হৈছে আৰু এই অবৈধ অধ্যাদেশ সন্দৰ্ভত কংগ্ৰেছ দলটো বিজেপিৰ সৈতে থিয় দিছে । কংগ্ৰেছে এই অসাংবিধানিক অধ্যাদেশৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ ইমান সময় কিয় লৈছে বুলিও তেওঁ প্ৰশ্ন কৰে । দলটোৱে নিজৰ স্থিতি প্ৰকাশ কৰিব লাগে বুলিও কক্কৰে দাবী কৰিছিল । ইয়াৰ পাছতে প্ৰথমবাৰলৈ মুখ খুলিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ।

ইয়াৰ পূৰ্বে কেজৰিৱালে বিৰোধীৰ বৈঠকৰ পূৰ্বে বিৰোধী নেতাসকললৈ এখন মুকলি পত্ৰ লিখিছিল । তেওঁ দৃঢ়তাৰে কৈছিল যে কংগ্ৰেছে সকলোৰে সন্মুখত অধ্যাদেশৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব । উল্লেখ্য যে কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে বিভিন্ন ৰাজ্য ভ্ৰমণ কৰিছিল আৰু বিৰোধী নেতাসকলৰ পৰা সমৰ্থন বিচাৰিছিল ।

লগতে পঢ়ক :Patna opposition meet today : প্ৰায় ১৮ টাকৈ দলৰ নেতাই অংশগ্ৰহণ কৰিব বৈঠকত

ABOUT THE AUTHOR

...view details