নেচনেল ডেস্ক, ১৪ জুলাই: কংগ্ৰেছে অহা ২১ জুলাইত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Congress decided to protest across the country on July 21)। কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধী নেচনেল হেৰাল্ড গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ প্ৰতিবাদতেই এই কাৰ্যসূচী গ্ৰহণ কৰিছে (protest against Sonia Gandhi is scheduled to appear before ED)। বুধবাৰে দলটোৱে এখন গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰে য'ত আটাইকেইগৰাকী সাধাৰণ সম্পাদক, ৰাজ্যিক ভাৰপ্ৰাপ্ত আৰু পিচিচি প্ৰধানসকলে 'ভাৰত যোৰো যাত্ৰা' আৰু অন্যান্য সাংগঠনিক কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰে (Bharat Jodo Yatra)। উক্ত বৈঠকতে দলটোৰ শীৰ্ষ নেতাসকলে প্ৰতিবাদী সমদল আৰু অন্যান্য ৰাজহুৱা প্ৰচাৰ কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা বুলি দলীয় সূত্ৰই সদৰি কৰিছে ।
উল্লেখ্য় যে অহা ১৮ জুলাইৰ পৰা সংসদৰ বাৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছৰ সাংসদসকলেও সংসদ চৌহদৰ ভিতৰত প্ৰতিবাদ কৰাৰ সুযোগ ল'ব । এই বিষয়ে কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে কয়, 'কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী এগৰাকী বাঘিনী। তেওঁ এই ভয় নকৰে। তেওঁ ইডি কাৰ্যালয়লৈ যাব আৰু এই চৰকাৰৰ মুখামুখি হ'ব ।' প্ৰৱৰ্তন সঞ্চালকালয়ে নেচনেল হেৰাল্ড গোচৰৰ সন্দৰ্ভত কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে( National Herald case)। ইপিনে, এই সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে, পৱন বনচালক ইতিমধ্যে সোধা-পোছা কৰা হৈছে । তেওঁলোকৰ উপৰি ইডিয়ে জুন মাহত এই গোচৰটোত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আৰু ৱায়ানাডৰ সাংসদ ৰাহুল গান্ধীক পাঁচ দিনতকৈও অধিক সময় জেৰা কৰিছিল । সেই সময়ছোৱাত কংগ্ৰেছৰ নেতা আৰু কৰ্মীসকলেও ইডি আৰু কেন্দ্ৰৰ বিৰুদ্ধে 'প্ৰতিহিংসাৰ ৰাজনীতি'ত লিপ্ত হোৱাৰ বাবে প্ৰতিবাদ জনাইছিল ।