অসম

assam

ETV Bharat / bharat

Loksabha 2024 : 2024 ৰ লোকসভা নিৰ্বাচনত বিৰোধীৰ প্ৰধান মুখ হ’ব ৰাহুল গান্ধী - বিজেপি চৰকাৰ আৰু পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ

কংগ্ৰেছ সাংসদ প্ৰদীপ ভট্টাচাৰ্যই ৰাহুল গান্ধীক এজন সাহসী নেতা বুলি কয় ৷ এই প্ৰসংগত লগতে কংগ্ৰেছৰ সাংসদ ভট্টাচাৰ্যই কয় যে, বিজেপিয়ে মানহানিৰ গোচৰটোত গান্ধী পৰিয়ালক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে সকাহ প্ৰদান কৰিলে ৷ যুৱ কংগ্ৰেছ নেতাগৰাকীৰ নেতৃত্বত দেশত অতি সোনকালে নতুন ৰাজনৈতিক অধ্যায়ৰ সূচনা হ’ব বুলি আশা প্ৰকাশ কৰে সাংসদ ভট্টাচাৰ্যই ।

Rahul Gandhi will be Opposition face in 2024 Lok Sabha polls
2024 ৰ লোকসভা নিৰ্বাচনত বিৰোধী প্ৰাৰ্থী হ’ব ৰাহুল গান্ধী

By

Published : Aug 7, 2023, 9:09 AM IST

নেশ্যনেল ডেস্ক, 7 আগষ্ট :আগন্তুক লোকসভা নিৰ্বাচনত বিৰোধী দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী হ‘ব ৰাহুল গান্ধী ৷ দেওবাৰে কংগ্ৰেছৰ সাংসদ প্ৰদীপ ভট্টাচাৰ্যই জনায় এই কথা । ৰাজ্যসভাৰ সাংসদগৰাকীয়ে এই প্ৰসংগত কয়, "ৰাহুল গান্ধী এজন সাহসী নেতা, যিয়ে সাহসেৰে মোডী চৰকাৰৰ কু-কৰ্মৰ বিৰুদ্ধাচৰণ কৰিছিল । বিজেপিয়ে মানহানিৰ গোচৰত তেওঁক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে তেওঁক সকাহ প্ৰদান কৰে । অতি সোনকালে এটা নতুন ৰাজনৈতিক পৰিৱেশৰ সূচনা হ'ব ।"

লগতে তেওঁ 2024 ৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধী দলৰ যে, বিৰোধীৰ প্ৰাৰ্থী হ'ব তাত কোনো সন্দেহ নাই বুলি স্পষ্ট কৰি দিয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে কয়, "প্ৰধানমন্ত্ৰী মোদীয়ে কৈ থাকে যে যোৱা 70 বছৰত একোৱেই উন্নয়ন হোৱা নাছিল । এইঅভিযোগ কোনো কাৰণতে সত্য নহয় । গুজৰাটৰ পৰা দিল্লীলৈ যেতিয়া প্ৰধানমন্ত্ৰী আহিছিল, তেতিয়া তেওঁ ম'হৰ গাড়ীত যাত্ৰা কৰিছিল নেকি ? গতিকে, প্ৰধানমন্ত্ৰীয়ে এতিয়া কংগ্ৰেছৰ শাসনৰ সময়ত একো উন্নয়ন হোৱা নাছিল বুলি কোৱাটো একেবাৰে ভুল ।"

সোমবাৰে দিল্লী সেৱা বিধেয়কখন ৰাজ্যসভাত আলোচনা আৰু গৃহীত কৰাৰ বাবে সদনত উত্থাপনৰ পূৰ্বে তেওঁৰ দলে আইনখনৰ খচৰা বিৰোধিতা কৰিব বুলি জনায় । কংগ্ৰেছে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত সন্দৰ্ভত ভট্টাচাৰ্যই কয় যে, "এই উদ্বোধনী ৰাষ্ট্ৰপতিয়ে কৰিব লাগিছিল । কিয় নতুন সংসদ ভৱন প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব লগা হ'ল ? ই অতি দুৰ্ভাগ্যজনক ।" বিৰোধীৰ ওপৰত হাৰাশাস্তি চলায় বহিজেপি দলে দলৰ কোনো উন্নতি সাধিব নোৱাৰে বুলি কয় সাংসদ প্ৰদীপ ভট্টাচাৰ্যই ৷

কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ সন্দৰ্ভত মন্তব্য আগবঢ়ায় কংগ্ৰেছ নেতাগৰাকীয়ে কয়, "পশ্চিমবংগে কেন্দ্ৰৰ ধনৰ অংশ লাভ কৰিব লাগে আৰু সকলো খৰচৰ সঠিক হিচাপ ৰাখিব লাগে ।"

উল্লেখ্য যে, বিজেপিক ভেটিবলৈ কংগ্ৰেছ দলৰ নেতৃত্বত গঠন হোৱা মিত্ৰজোঁট I.N.D.I.A ৰ অন্যতম অংশীদাৰ তৃণমূল কংগ্ৰেছ ।

লগতে পঢ়ক :AICC on Bhupen Borah: সভাপতি সলনি নহয়; ভূপেন বৰাৰ প্ৰতি কংগ্ৰেছৰ সম্পূর্ণ আস্থা আছে; জিতেন্দ্ৰ সিং

ABOUT THE AUTHOR

...view details