অসম

assam

ETV Bharat / bharat

মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী - Bharat Jodo Yatra

মূল্যবৃদ্ধিৰ লগতে দেশৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত কংগ্ৰেছ দলে ৰামলীলা ময়দানত আয়োজন কৰিছে বিশাল প্ৰতিবাদী সভাৰ (Congress protest at Ramlila Maidan)। বিভিন্ন ৰাজ্যৰ পৰা হাজাৰ হাজাৰ কংগ্ৰেছ নেতা-কৰ্মী দিল্লীত গৈ উপস্থিত হৈছে । দিল্লী আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ।

Congress
মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

By

Published : Sep 4, 2022, 9:42 AM IST

Updated : Sep 4, 2022, 10:26 AM IST

নেশ্যনেল ডেস্ক,৪ ছেপ্টেম্বৰ :দিল্লীৰ ৰামলীলা ময়দানত কংগ্ৰেছৰ 'হাল্লা বোল' কাৰ্যসূচী (Congress Halla Bol rally)। মূল্যবৃদ্ধিৰ বিৰুদ্ধে দলটোৱে আয়োজন কৰিছে বৃহৎ প্ৰতিবাদী সভাৰ । দেশৰ ভিন্ন প্ৰান্তৰ পৰা কংগ্ৰেছ নেতা-কৰ্মীসকল গৈ দিল্লীত উপস্থিত হৈছে । বিশাল সভাৰ বাবে কংগ্ৰেছ দলে বিশেষ প্ৰস্তুতি কৰিছে ।

ইফালে হাজাৰ হাজাৰ লোকৰ সমাৱেশৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়েও বিশেষ তৎপৰতা দেখুৱাইছে । ৰামলীলা ময়দানৰ আশে-পাশে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে । ময়দানৰ প্ৰৱেশ পথত মেটেল ডিটেক্টৰ স্থাপন কৰিছে । ৰামলীলা ময়দানত পৰ্যাপ্ত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীও মোতায়েন কৰা হৈছে । ইয়াৰোপৰি এই প্ৰতিবাদৰ বাবে যান-জঁটৰ সৃষ্টি হোৱাৰ আশংকা কৰি আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ বিভিন্ন নিৰ্দেশনা জাৰি কৰিছে (Congress Delhi protest) ।

দিল্লীৰ যান-বাহন আৰক্ষীয়ে শনিবাৰে টুইটযোগে পথ নিৰ্দেশনাৰ বিষয়ে অৱগত কৰিছে । আৰক্ষীয়ে জনোৱা মতে প্ৰতিবাদস্থলীৰ সমীপৰ কিছু অংশত পথ বন্ধ থাকিব । যান-বাহন আৰক্ষীয়ে যাত্ৰীসকলক কিছুমান পথ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে ।

গুৰু নানক চক, বিবেকানন্দ মাৰ্গৰ দুয়োফালে, জেএলএন মাৰ্গ (গুৰু নানক চকলৈ দিল্লী গেট), কমলা বজাৰৰ চাৰিওফালে গুৰু নানক চক, চমন লাল মাৰ্গ, আজমেৰী গেটৰ পৰা আচাফ আলী ৰোডলৈ আজমেৰী গেট আৰু কমলা বজাৰৰ ফালে ডিডিইউ-মিণ্টো ৰোডৰ ৰেড লাইট পইণ্ট বন্ধ থাকিব বুলি আৰক্ষীয়ে জনাইছে ।

ইফালে সপ্তাহটোৰ আৰম্ভণিতে, কংগ্ৰেছ নেতাসকলে সমগ্ৰ দেশৰ ২২ খন চহৰত সংবাদমেল অনুষ্ঠিত কৰি ৰামলীলা ময়দানৰ প্ৰতিবাদৰ বিষয়ে অৱগত কৰিছে । লগতে কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকসকলক প্ৰতিবাদত অংশ লোৱাৰ উদ্দেশ্যে দিল্লীলৈ যোৱাৰ আহ্বান জনাইছিল (Congress protest against price hike)। দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীকে ধৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলে এই সমদলটো সম্বোধন কৰিব । ৰাহুল গান্ধীয়ে এটা ফেচবুক পোষ্টত কৈছিল যে, দেশবাসীয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে নিবনুৱা, মুদ্ৰাস্ফীতি আৰু বৰ্ধিত হিংসা । ইফালে দেওবাৰে পুৱা প্ৰায় ১১ মান বজাত কংগ্ৰেছৰ সাধাৰণ সম্পাদক, ভাৰপ্ৰাপ্ত বিষয়াকে ধৰি জ্যেষ্ঠ নেতাসকল এআইচিচিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'ব ।

মুখ্য কাৰ্যালয়ৰ পৰা বাছেৰে তেওঁলোকে একেলগে ৰেলীৰ বাবে ৰামলীলা ময়দানলৈ যাব । আনহাতে ৰাহুল গান্ধী দুপৰীয়া ১ মান বজাৰ ভিতৰত প্ৰতিবাদী সভাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । দিল্লীত কংগ্ৰেছৰ 'হাল্লা বোল' ৰেলীৰ পাছতে 'ভাৰত জোৰো যাত্ৰা' (Bharat Jodo Yatra) আৰম্ভ হ'ব । ৰাহুল গান্ধীৰ নেতৃত্বত ১৩৫ দিনীয়া 'ভাৰত জোৰো যাত্ৰা' ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হ'ব আৰু কাশ্মীৰত সমাপ্ত হ'ব (Congress Bharat Jodo Yatra)।

উল্লেখ্য যে 'হাল্লা বোল' কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছে দেশত মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে একত্ৰিত হৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰস্তুতি চলাইছে । এই প্ৰতিবাদী কাৰ্যসূচী ২৮ আগষ্টত ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু, কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ৪ ছেপ্টেম্বৰলৈ পিছুৱাই দিয়া হয় ।

লগতে পঢ়ক :ৰন্ধন গেছৰ চিলিণ্ডাৰত প্ৰধানমন্ত্ৰীৰ ফটো লগাই বিত্তমন্ত্ৰীক ঠাট্টা-মস্কৰা তেলেংগানাত

Last Updated : Sep 4, 2022, 10:26 AM IST

ABOUT THE AUTHOR

...view details