অসম

assam

ত্ৰিপুৰাত আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

By

Published : May 7, 2021, 10:22 PM IST

ত্ৰিপুৰাত আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতে ধৰ্ণাৰ কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছে ৷ কিছুদিনৰ পূৰ্বে ৰাজ্যখনৰ তেলিয়ামুৰা জিলাত বিজেপিৰ যুৱ মৰ্চা আৰু যুৱ কংগ্ৰেছীৰ মাজত সংঘটিত হোৱা হিংসাত্মক সংঘৰ্ষৰ পিছত ৰূপায়ন কৰা হৈছে এই কাৰ্যসূচী ৷

congress-demands-peace-staged-protest-in-front-of-phq
আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ত্ৰিপুৰাত

ত্ৰিপুৰা ,7 মে’ : বৃহস্পতিবাৰে ত্ৰিপুৰাত কংগ্ৰেছ দলৰ সদস্য সকলে আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত শান্তিৰ দাবীত এক ধৰ্ণাৰ কাৰ্যসূচী ৰূপায়ন কৰে । কংগ্ৰেছৰ নেত্ৰী লক্ষ্মী নাগৰ অভিযোগ অনুসৰি, কেইদিনমানৰ আগতে তেলিয়ামুৰা জিলাত বিজেপিৰ যুৱ মৰ্চা আৰু যুৱ কংগ্ৰেছীৰ মাজত সংঘটিত হোৱা হিংসাত্মক সংঘৰ্ষই জিলাখনৰ লগতে ব্যাপক প্ৰভাৱ পেলাইছিল সমগ্ৰ ত্ৰিপুৰাত ।

যুৱ কংগ্ৰেছৰ সভাপতি পুজন বিশ্বাসকো সেই সংঘৰ্ষৰ প্ৰতিশোধ স্বৰূপে বিজেপিৰ একাংশই আক্ৰমণ কৰিছিল ৷ সংবাদ মাধ্যমৰ লোকসকলক সম্বোধন কৰি নেত্ৰী গৰাকীয়ে কয়, " এই ঘটনা সংঘটিত হোৱাৰ পিছত যথেষ্ট সংখ্যক যুৱ কংগ্ৰেছী নেতাক মিছা অভিযোগত অভিযুক্ত কৰা হৈছে ৷ এই মিছা গোচৰবোৰৰ আঁৰৰ একমাত্ৰ উদ্দেশ্য হ'ল জনমানসত দলটোৰ নিকা ভাৱমূৰ্তিক কলুষিত কৰা । আমি ইয়াৰ বিৰোধিতা কৰিছো । "

লক্ষ্মী নাগৰ মতে, যুৱ কংগ্ৰেছৰ সভাপতি বিশ্বাস মিছাকৈ অভিযুক্ত যুৱ কংগ্ৰেছ কৰ্মীসকলৰ হৈ হাজিৰ হ'বৰ বাবে খোৱাই আদালতলৈ গৈছিল আৰু আদালতৰ পৰা উভতি অহাৰ পথত তেওঁক সশস্ত্ৰ দুৰ্বৃত্তৰ এটা বৃহৎ দলে আক্ৰমণ কৰে । অৱশ্যে, আৰক্ষীৰ আৱেষ্টনীয়ে তেওঁক সমস্যাপূৰ্ণ অঞ্চলটোৰ পৰা সুকলমে ওলাই অহাত সহায় কৰিছিল ৷

তেওঁ লগতে কয় যে, কংগ্ৰেছ দল এটা শান্তিকামী দল আৰু কেতিয়াও এই দলে হিংসাৰ পথক উদগনি নিদিয়ে । আৰক্ষীৰ ওপৰত গোচৰটো সম্পৰ্কত নিৰ্বিকাৰ ভূমিকা পালনৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে, " আমি আৰক্ষীৰ পৰা কোনো সঁহাৰি পোৱা নাছিলোঁ । আনকি শীৰ্ষ আৰক্ষী বিষয়া সকলেও আমাৰ মুখামুখি হ'বলৈ সাজু নাছিল । তেওঁলোকে যুৱ কংগ্ৰেছৰ কৰ্মীসকলৰ বিৰুদ্ধে মিছা অভিযোগ প্ৰস্তুত কৰি মুখ ঢাকিবলৈহে চেষ্টা কৰি আছিল" ৷ সকলো ৰাজনৈতিক দলে এতিয়া ৰাজনৈতিক বোকা চতিওৱা খেলত লিপ্ত হোৱাৰ সলনি ক’ভিড মেনেজমেণ্টৰ ওপৰত গুৰুত্ব দিবলৈকো আহ্বান জনায় কংগ্ৰেছ নেত্ৰী গৰাকীয়ে।

লগতে পঢ়ক :কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰবৰ্তী সভাপতি?

ABOUT THE AUTHOR

...view details