নেশ্যনেল ডেস্ক,২৮ ডিচেম্বৰ :২০২৩ চনৰ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন (Tripura assembly election 2023)। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে ৰণনীতি প্ৰস্তুত কৰিছে । ইফালে তাৰ মাজতে ৰাজনৈতিক দলসমূহৰ মাজত সংঘাত হোৱাও দেখা গৈছে (Political clashes in Tripura)। বিভিন্ন স্থানত আনকি দলীয় কৰ্মীক আক্ৰমণ, ভয়-ভাবুকি আদিৰ দৰে ঘটনা সংঘটিত হোৱাৰো অভিযোগ উঠিছে ।
শাসকীয় বিজেপি দলৰ নেতৃত্বত ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি অৱনমিত হোৱা বুলিও অভিযোগ কৰিছে বিৰোধীয়ে (Law and order situation in Tripura)। ইয়াৰ মাজতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰতা স্থাপন কৰা কংগ্ৰেছ আৰু চিপিআই(এম) দলে একত্ৰিতভাৱে প্ৰকাশ কৰিলে এখন বিবৃতি (Tripura oppositions party joint release)। ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত দুয়োটা দলে যুটীয়াভাৱে প্ৰকাশ কৰিলে বিবৃতিখন ।
কংগ্ৰেছ আৰু চিপিআই(এম) লগতে আন কেইবাটাও দলে প্ৰকাশ কৰা বিবৃতিখনৰ জৰিয়তে ৰাজ্যখনত গণতন্ত্ৰ ৰক্ষা আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচৰা হৈছে । ৰাজ্যখনত একনায়কত্ববাদৰ চৰকাৰ চলি থকাৰ অভিযোগ উত্থাপন কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে বিৰোধীয়ে । বিবৃতিত অভিযোগ কৰা মতে বিৰোধী দলবোৰৰ স্বতন্ত্ৰ কাৰ্যকলাপ আৰু তেওঁলোকৰ কণ্ঠস্বৰ ৰুদ্ধ কৰা হৈছে আৰু নিৰ্বাচন এক নাটকত পৰিণত হৈছে ।
চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক জীতেন্দ্ৰ চৌধুৰী, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বিৰজিৎ সিনহা, চিপিআইৰ ৰাজ্যিক গোট, আৰএছপি, ফৰৱাৰ্ড ব্লক আৰু চিপিআই(এম-এল)ৰ ৰাজ্যিক গোটৰ ভাৰপ্ৰাপ্ত সদস্যসকলে যুটীয়াভাৱে বিবৃতিত স্বাক্ষৰ কৰিছে । জীতেন্দ্ৰ চৌধুৰীয়ে দাবী কৰিছে যে টিআইপিআৰএৰ মুৰব্বী প্ৰদ্যুত কিশোৰ দেববৰ্মনেও বিবৃতিটোত প্ৰকাশ কৰা মতামতক ব্যাপকভাৱে সমৰ্থন কৰিছে ।