অসম

assam

ETV Bharat / bharat

June 23 opposition meet : ৰাষ্ট্ৰীয় বিকল্পত আত্মবিশ্বাসী কংগ্ৰেছ; দৃষ্টি মমতা-কেজৰিৱালৰ দিশে - opposition leaders to meeting in Patna

২৩ জুনত পাটনাত বিৰোধী নেতাসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব । যদিও কংগ্ৰেছ নিশ্চিত যে এই বৈঠকৰ পৰা এটা ৰাষ্ট্ৰীয় বিকল্প ওলাই আহিব, কিন্তু অৰবিন্দ কেজৰিৱাল আৰু মমতা বেনাৰ্জীয়ে শেষ মুহূৰ্তত এই প্ৰচেষ্টাত বাধা দিব পাৰে ।

June 23 opposition meet
June 23 opposition meet

By

Published : Jun 19, 2023, 7:09 PM IST

নিউজ ডেস্ক, ১৯ জুন :সোমবাৰে কংগ্ৰেছে এই কথাত বিশ্বাস ব্যক্ত কৰিছে যে ২৩ জুনত পাটনাত অনুষ্ঠিত হ'বলগীয়া কেইবাটাও বিৰোধী দলৰ বৈঠকত শাসকীয় বিজেপিৰ ৰাষ্ট্ৰীয় বিকল্প উদ্ভৱ হ'ব ।

"বিৰোধী নেতাসকলে ২৩ জুনত বৈঠকত মিলিত হ'বলৈ গৈ আছে । তেওঁলোকে আলোচনাত বহি বিকল্পৰ কথা আলোচনা কৰিব । দেশৰ সন্মুখত এক ৰাষ্ট্ৰীয় বিকল্প উদ্ভৱ হ'ব ।" কংগ্ৰেছৰ মুখপাত্ৰ মণীষ তিৱাৰীয়ে এনেদৰে কয় । উল্লেখ্য, পাটনাত অনুষ্ঠিত হ'বলগীয়া বৈঠকখন বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আহ্বান জনাইছে । তেওঁ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে মুখামুখী হ'বলগীয়া ৰাষ্ট্ৰীয় মৰ্চা গঠনৰ বাবে বিভিন্ন আঞ্চলিক দলৰ সৈতে আলোচনা কৰি আহিছে ।

যদিও কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে আৰু দলৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীয়ে ২৩ জুনৰ বৈঠকত উপস্থিত থকাৰ কথা আছে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ শেহতীয়া মন্তব্যই প্ৰস্তাৱিত বিৰোধী ঐক্যক লৈ সন্দেহৰ সৃষ্টি কৰিছে । তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে কৈছে যে যদি দেশৰ সবাতোকৈ পুৰণি দলটোৱে পশ্চিমবংগত বিজেপিক তলে তলে সমৰ্থন কৰে তেন্তে কংগ্ৰেছৰ সৈতে তেওঁৰ কোনো মিত্ৰতা নহ'ব । উল্লেখ্য যে মমতাই পূৰ্বতে বিধানসভা নিৰ্বাচনৰ সময়ত এনে অভিযোগ কৰিছিল ।

আনহাতে, কেজৰিৱালে দেওবাৰে কংগ্ৰেছশাসিত ৰাজস্থানত প্ৰচাৰ চলায় । তাত তেওঁ মুখ্যমন্ত্ৰী অশোক গেহলটক আক্ৰমণৰ লক্ষ্য কৰি কয় যে বিগত পাঁচ বছৰত ৰাজ্যখনত কোনো কাম কৰা হোৱা নাই । লগতে প্ৰবীণ নেতাজনে বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সংকোচ বোধ কৰা বুলিও কয় । ইফালে কেজৰিৱালৰ ভ্ৰমণৰ কেইদিনমান পূৰ্বে আপ নেতা সৌৰভ ভৰদ্বাজে যদিহে কংগ্ৰেছে দিল্লী আৰু পঞ্জাব ত্যাগ কৰিবলৈ সাজু হয় তেন্তে আগন্তুক ৰাজস্থান আৰু মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ প্ৰস্তাৱ দিয়ে ।

দুয়োখন ৰাজ্যত আপৰ দুৰ্বল প্ৰদৰ্শনৰ কথা উল্লেখ কৰি তিৱাৰীয়ে কয়, "আপে হিমাচল প্ৰদেশ আৰু কৰ্ণাটকত পদাৰ্পণ কৰিছিল । আৰু ইয়াৰ ফলাফল সকলোৰে আগত জলজল-পটপট হৈ আছে ।" "যদি এখন বা দুখন ৰাজ্যত চৰকাৰ থকা আঞ্চলিক দলবোৰে ৰাষ্ট্ৰীয় বিকল্পৰ বাবে আগ্ৰহী হয়, তেন্তে তেওঁলোকে আত্মনিৰীক্ষণ কৰা উচিত । মই বিষয়টো তেনেকৈয়ে এৰিম ।" তেওঁ লগতে কয় ।

উল্লেখ্য যে এই বাৰ্তাটো তৃণমূলৰ বাবেও এপাত শৰত দুটা চিকাৰৰ দৰে আছিল । তৃণমূলে পশ্চিমবংগত কংগ্ৰেছৰ সহযোগী চিপিআই-এমৰ বিৰোধিতা কৰে । সংসদৰ পূৰ্বৱৰ্তী বাজেট অধিবেশনৰ সময়ত খাৰ্গেয়ে আদানি বিষয়টোৰ জেপিচি তদন্তৰ দাবীত চৰকাৰক তীব্ৰ আক্ৰমণ কৰিবলৈ ১৯ টা সমভাবাপন্ন দলক নেতৃত্ব দিছিল। আপ আৰু তৃণমূলো উক্ত অধিবেশনসমূহৰ অংশ আছিল ।

শেহতীয়াকৈ কেজৰিৱালে দিল্লীত বিষয়া নিযুক্তি সম্পৰ্কীয় এক কেন্দ্ৰীয় অধ্যাদেশৰ ওপৰত সমৰ্থন সংগ্ৰহ কৰিবলৈ কেইবাটাও বিৰোধী দলক সাক্ষাৎ কৰিছিল । দিল্লীৰ মুখ্যমন্ত্ৰীয়ে বিচাৰে যে বিৰোধীয়ে আগন্তুক বৰ্ষাকালীন অধিবেশনত অধ্যাদেশখনৰ বিৰোধিতা কৰক । অৱশ্যে কংগ্ৰেছৰ দিল্লী আৰু পঞ্জাব গোটে শেহতীয়াকৈ খাৰ্গেৰ দ্বাৰা অনুষ্ঠিত এক ৰণনীতি বৈঠকত কেজৰিৱালক বিষয়টোক সন্দৰ্ভত সমৰ্থন কৰাৰ বিৰোধিতা কৰে । আনহাতে, পশ্চিমবংগত ৰাজ্যিক গোটটো তৃণমূলৰ সৈতে মিত্ৰতা কৰাৰো বিৰোধী ।

আনহাতে, কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰ মতে, তথাপিও হাইকমাণ্ডে বিজেপিৰ ৰাষ্ট্ৰীয় বিকল্প অনুসৰণ কৰিবলৈ আগ্ৰহী আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখি পাটনাত ২৩ জুনৰ বৈঠকত অংশগ্ৰহণ কৰিব । "আমি বৈঠকলৈ গ'লে ব্যৱধানৰ সাঁকোখন পাৰ হ'ব পাৰিম । সংসদৰ অধিবেশনলৈ এতিয়াও বাকী আছে । যেতিয়া সংসদ পুনৰ অনুষ্ঠিত হ'ব তেতিয়া বৰ্ষাকালীন অধিবেশনৰ ৰণনীতি প্ৰকাশ কৰা হ'ব ।" কংগ্ৰেছে দিল্লী অধ্যাদেশৰ বিৰোধিতা কৰিবনে নকৰে সেই সন্দৰ্ভত তিৱাৰীয়ে এনেদৰে কয় ।

লগতে পঢ়ক :Shiv Sena Foundation Day : উদ্ধৱ আৰু সিন্দে গোটৰ মাজত উত্তৰাধিকাৰী যুদ্ধ আৰম্ভ

ABOUT THE AUTHOR

...view details