অসম

assam

By

Published : Jul 20, 2021, 1:52 PM IST

ETV Bharat / bharat

পেগাচাছ স্পাইৱেৰ: অমিত শ্বাহক বৰ্খাস্তৰ দাবী কংগ্ৰেছৰ

পেগাচাছ স্পাইৱেৰ (Pegasus spyware) ঘটনাক লৈ সৰৱ কংগ্ৰেছ ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বৰ্খাস্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ দাবী কংগ্ৰেছৰ ৷

পেগাচাছ স্পাইৱেৰ: দেশজুৰি আন্দোলনৰ হুংকাৰ কংগ্ৰেছৰ
পেগাচাছ স্পাইৱেৰ: দেশজুৰি আন্দোলনৰ হুংকাৰ কংগ্ৰেছৰ

নিউজ ডেস্ক, 20 জুলাই :‘পেগাচাছ' স্পাইৱেৰ (Pegasus spyware) ব্যৱহাৰ কৰি কোনো অচিনাকী সংস্থাই ভাৰতীয় সাংবাদিকক চোৰাংভাৱে নিৰীক্ষণ(snooping) কৰাৰ অভিযোগক লৈ বৰ্তমান সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ‘পেগাচাছ' স্পাইৱেৰ(Pegasus spyware) বিৰুদ্ধে দেশজুৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়াৰ লগতে বিষয়টো সংসদত উত্থাপন কৰাৰ সিদ্ধান্ত লৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰাহুল গান্ধীয়ে ব্যৱহাৰ কৰা দুটা ম’বাইল ফোন ইজৰাইলী নিৰীক্ষণ প্ৰযুক্তি বিক্ৰেতা এন এছ অ' গ্ৰুপে লক্ষ্য কৰি লোৱা ৩০০ প্ৰমাণিত ভাৰতীয় নম্বৰৰ ভিতৰত অন্যতম আছিল ।

কংগ্ৰেছে ৰাজ্যিক দলসমূহক ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজভৱনলৈ সমদল উলিওৱাৰ লগতে প্ৰতিখন ৰাজ্যৰ ৰাজধানী চহৰত সংবাদমেল অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে । কংগ্ৰেছ দলৰ সাংসদ কে চি বেণুগোপালে (K.C. Venugopal) সদনত ৰাজ্যসভা বাতিল কৰাৰ লগতে লোকসভা স্থগিত ৰখাৰ প্ৰস্তাৱ দাখিল কৰে । সোমবাৰে কংগ্ৰেছ দলে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দায়িত্বত থকা গৃহমন্ত্ৰী অমিত শ্বাহ (Home Minister Amit Shah)ক তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Prime Minister Narendra Modi)ৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰিছিল ৷

লগতে পঢ়ক :পেগাচাছ স্পাইৱেৰ: প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ দাবী কংগ্ৰেছৰ

উল্লেখ্য যে, 'পেগাচাছ' স্পাইৱেৰ (Pegasus spyware) ব্যৱহাৰ কৰি কোনো অচিনাকী সংস্থাই ভাৰতীয় সাংবাদিকক চোৰাংভাৱে নিৰীক্ষণ(snooping) কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ কিন্তু ভাৰত চৰকাৰে 'পেগাচাছ' স্পাইৱেৰক (Pegasus spyware) লৈ উত্থাপিত অভিযোগক নস্যাৎ কৰে ৷ ভাৰতীয় সাংবাদিকক চোৰাংভাৱে নিৰীক্ষণৰ অভিযোগক লৈ সোমবাৰে উত্তাল হৈ পৰে সংসদৰ বৰ্ষাকালীন অধিৱেশন (Parliament Monsoon Session) ৷ প্ৰধানমন্ত্ৰী মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা স্পষ্টীকৰণৰ দাবী কৰিছে বহুজনে ৷

লগতে পঢ়ক :'পেগাচাছ' স্পাইৱেৰ: অভিযোগ প্ৰত্যাখান ভাৰত চৰকাৰৰ

ABOUT THE AUTHOR

...view details