অসম

assam

ETV Bharat / bharat

Coimbatore car blast : চেন্নাইৰ ৪৩ স্থানত NIAৰ তালাচী

কয়েম্বটুৰ গাড়ী বিস্ফোৰণ ঘটনাত বৃহস্পতিবাৰে NIA-ই তামিলনাডুৰ চেন্নাই, কয়েম্বটুৰ, থিৰুভাল্লুৰ, থিৰুপপুৰ, নীলগিৰি, চেঙ্গালপাটু, কাঞ্চিপুৰম আৰু কেৰালাৰ পালাক্কাডৰ ৪৩ টা স্থানত তালাচী চলায় (NIA conducted searches at 43 locations in Chennai) । উক্ত তালাচীৰ সময়ত সন্দেহযুক্ত লোকৰ ঘৰৰ পৰা ডিজিটেল সঁজুলি আৰু আপত্তিজনক নথি-পত্ৰ জব্দ কৰা বুলি NIA-ৰ সূত্ৰত প্ৰকাশ ।

By

Published : Nov 10, 2022, 5:05 PM IST

NIA
NIA

নিউজ ডেস্ক, ১০ নৱেম্বৰ :ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIA-ই (National Investigation Agency) কয়েম্বটুৰ গাড়ী বিস্ফোৰণৰ সন্দৰ্ভত তামিলনাডুৰ কেইবাটাও স্থানত অভিযান চলাই আছে । অনুসন্ধানকাৰী দলটোৰ সূত্ৰই বৃহস্পতিবাৰে সংবাদ সংস্থাক জনোৱা মতে, এজন ব্যক্তিক এই সন্দৰ্ভত জিম্মাত লোৱা হৈছে আৰু জেৰা কৰা হৈছে । ২৩ অক্টোবৰৰ পুৱা কয়েম্বটুৰৰ উক্কাডমৰ সঙ্গমেশ্বৰ মন্দিৰৰ ওচৰত বিস্ফোৰণ হোৱা গাড়ীখনৰ পটভূমি সম্পৰ্কে ব্যক্তিক সোধা-পোছা কৰা হৈছে (NIA conducted searches at 43 locations in Chennai) ।

উল্লেখ্য, বিস্ফোৰণটোত নিহত জামিশা মুবিন নামৰ ব্যক্তিজনৰ ছয়জন সহযোগীক বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (Unlawful Activities Prevention Act, UAPA) অধীনত গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে, ৰাজ্যখনৰ আন কেইবাটাও স্থানৰ উপৰি কয়েম্বটুৰ আৰু চেন্নাইৰ ৩৩ টা স্থানত অভিযান চলি আছে । সূত্ৰ অনুসৰি, এইটো তামিলনাডুৰ মুখ্য সংস্থাটোৰ দ্বাৰা চলোৱা আটাইতকৈ ডাঙৰ অভিযান ।

উল্লেখযোগ্য যে দীপাৱলীৰ প্ৰাকমুহূৰ্তত সংঘটিত কয়েম্বটুৰ গাড়ী বিস্ফোৰণৰ গোচৰটোত গ্ৰেপ্তাৰ হোৱা ফিৰোজ ইছমাইল নামৰ লোকজনক ইছলামিক ষ্টেটৰ (Islamic State, IS) সৈতে সম্পৰ্কৰ বাবে কেইবছৰমান আগতে সংযুক্ত আৰব ৰাষ্ট্ৰৰ পৰা বিতাড়িত কৰা হৈছিল । গোচৰটোৰ এজন অভিযুক্ত মহম্মদ থালকা হৈছে ভয়ংকৰ ইছলামিক সন্ত্ৰাসবাদী আৰু ইছলামিক সন্ত্ৰাসবাদী সংগঠন আল উম্মাৰ প্ৰতিষ্ঠাপক এছ এ বাছাৰ ভতিজাক । সন্ত্ৰাসবাদীটো 1998 চনৰ কয়েম্বটুৰ ধাৰাবাহিক বিস্ফোৰণত জড়িত আছিল, য'ত 56 জন লোকে প্ৰাণ হেৰুৱাইছিল (1998 Coimbatore serial blasts) । লগতে দুই শতাধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ।

কয়েম্বটুৰ গ্ৰাম্য জিলা আৰক্ষীয়ে ইতিমধ্যে কিছুমান ইছলামিক আন্দোলনৰ (Islamic movements) সৈতে সম্পৰ্কিত যুৱক-যুৱতীসকলৰ মাজত এক ডি-এডিকেলাইজেচন (de adicalization programme) কাৰ্যসূচী আৰম্ভ কৰিছে ।

উল্লেখ্য, ১৯৯৮ চনৰ ১৪ ফেব্ৰুৱাৰী শনিবাৰে তামিলনাডুৰ কয়েম্বটুৰ চহৰত সংঘটিত হৈছিল উক্ত ভয়ানক ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনো । মুঠ ১১ টা স্থানত সংঘটিত ১২ টা বোমা বিস্ফোৰণত মুঠ ৫৮ জন লোক নিহত হয় আৰু ২ শতাধিক লোক আহত হয় । আটাইকেইটা বিস্ফোৰণ 12 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত হৈছিল ।

তাত ব্যৱহৃত বিস্ফোৰকবোৰ টাইমাৰ ডিভাইচৰ দ্বাৰা সক্ৰিয় কৰা জিলেটিন ষ্টিক বুলি জানিব পৰা গৈছিল আৰু ইয়াক গাড়ী, মটৰচাইকেল, চাইকেল, দুচকীয়া বাহনৰ ছাইডবক্স, ডেনিম আৰু ৰেক্সিন বেগ আৰু ফলৰ কাৰ্টনত লুকুৱাই ৰখা হৈছিল । আনহাতে, বিস্ফোৰণ কৰিবলৈ ব্যৰ্থ হোৱা কেইবাটাও বোমা সেনা, ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষী আৰু তামিলনাডু কমাণ্ডো স্কুলৰ বোমা নিষ্ক্ৰিয়কাৰী দলে নিষ্ক্ৰিয় কৰিছিল ।

লগতে পঢ়ক :Maldives garage fire: মালদ্বীপৰ ভয়ংকৰ অগ্নিকাণ্ডত ৮ ভাৰতীয়ৰ মৃত্যু

ABOUT THE AUTHOR

...view details