নেশ্যনেল ডেস্ক,৭ জুলাই : প্ৰকৃতিৰ ৰোষত দেৱভূমি উত্তৰাখণ্ড । বিগত ২৪ ঘণ্টা ধৰি ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে । এনে এক পৰিৱেশৰ মাজতে সীমান্তৱৰ্তী জিলা পিথোৰাগড়ৰ ধাৰচুলা তহচিলৰ দূৰৱৰ্তী চল গাঁৱত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । ফলত সমগ্ৰ অঞ্চলটো বানৰ কবলত পৰিছে । বাট-পথ আৰু দলং আদি বানে উটুৱাই লৈ গৈছে ।
জানিব পৰা মতে দাৰ্মা উপত্যকাত ২০০ ৰো অধিক লোক আবদ্ধ হৈ আছে । ইতিমধ্যে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দল ঘটনাস্থলী লৈ ৰাওনা হৈছে । কিন্তু দুৰ্ভাগ্যৱশত উদ্ধাৰকাৰী দলবোৰো আবদ্ধ হৈ আছে ।
আৰক্ষী অধীক্ষক লোকেশ্বৰ সিঙৰ মতে নলাৰ মাজেৰে প্ৰচুৰ পানী নামি অহাৰ ফলত গাঁওখন জলমগ্ন হৈ পৰিছে । যাৰ বাবে বাহিৰৰ জগতৰ লগত গাঁওখনৰ যোগাযোগ বন্ধ হৈ পৰিছে । আৰক্ষী অধীক্ষকৰ মতে এনডিআৰএফ-এছডিআৰএফ আৰু উদ্ধাৰকাৰী দলসমূহক গাঁওখনলৈ প্ৰেৰণ কৰা হৈছে । গাওঁবাসীক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে । একে সময়তে, গাঁওবাসীয়ে ডাৱৰ বিস্ফোৰণৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি কৈছে ।