হায়দৰাবাদ, 13 নৱেম্বৰঃ জনপ্ৰিয় তেলেগু অভিনেতা তথা ৰাজনৈতিক নেতা কে চিৰাঞ্জীৱিয়ে কয় যে,বৃহস্পতিবাৰে তেওঁ কৰা পৰীক্ষাত কোভিড টেষ্টৰ ফলাফল ইতিবাচক আহিছে,প্ৰথমবাৰ কৰা পৰীক্ষাত নিগেটিভ ফলাফল আহিছিল ৷
চিকিৎসকৰ এটা দলে তিনিটা পৃথক পৰীক্ষা সম্পাদন কৰিছিল চিৰঞ্জীৱিৰ আৰু তাৰি পিচতে অভিনেতাগৰাকীৰ কোভিড নিগেটিভ বুলি এক সিদ্ধান্তত উপনীত হৈছিল ৷ পূৰ্বৰ ফলাফল যে, ক্ৰুটিপূৰ্ণ আছিল সেয়া প্ৰমাণিত হয় চিকিৎসকৰ দলটোৰ অনুসন্ধানত ৷ এইদৰে কয়,অভিনেতা গৰাকীয়ে ৷
দক্ষিণৰ প্ৰজাৰাজ্যম দলৰ প্ৰতিষ্ঠাতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেখেতৰ সুস্বাস্থ্য কামনা কৰি শুভেচ্ছা প্ৰেৰণ কৰা প্ৰতিগৰাকী শুভাকাংক্ষীক ধন্যবাদ জ্ঞাপন কৰে ৷