নেশ্যনেল ডেস্ক,২৭ জুলাই :ৰাজ্যসভাত ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীয়ে । দেশৰ একাংশ চাইল্ডকেয়াৰ প্ৰতিষ্ঠানতে শিশুসকলৰ ওপৰত চলে নিৰ্যাতন । মন্ত্ৰীগৰাকী ৰাজ্যসভাত প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ৩ বছৰত চাইল্ডকেয়াৰ কেন্দ্ৰবোৰত প্ৰায় ১,০১০ টা শিশুৰ বিৰুদ্ধে মানসিক বা শাৰীৰিক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে । বুধবাৰে ৰাজ্যসভাত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে ।
ইয়াৰ ভিতৰত, ২০১৯ চনত ৪১২ টা, ২০২০ চনত ৩২২ টা ঘটনা আৰু ২০২১ চনত ২৭৬ টা ঘটনা সংঘটিত হৈছে । চৰকাৰে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ' (NCRB)ৰ তথ্যৰ উদ্ধৃতি দি এই তথ্য উত্থাপন কৰিছে । সকলো ৰাজ্যৰ ভিতৰত, ৰাজস্থানত যোৱা ৩ বছৰত সৰ্বাধিক ২৪৬ টা ঘটনা সংঘটিত হৈছে । ৰাজ্যখনৰ চাইল্ডকেয়াৰ কেন্দ্ৰত ২০১৯ চনত ৮০ টা, ২০২০ চনত ১০০ টা আৰু ২০২১ চনত ৬৬ টা শিশুৰ ওপৰত নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে ।
তথ্য অনুসৰি, কেৰালাত এনে ধৰণৰ ১৯১ টা ঘটনা সংঘটিত হৈছে । ২০১৯ চনত প্ৰায় ৫২ টা, ২০২০ চনত ৬৫ টা আৰু ২০২১ চনত ৭৪ টা ঘটনা সংঘটিত হৈছে । গুজৰাটত ১৮০ টা ঘটনাৰ গোচৰ আছিল । য'ত ২০১৯ চনত ৯১ টা, ২০২০ চনত ৫০ টা আৰু ২০২১ চনত ৩৯ টা গোচৰ ৰুজু কৰিছে ।