নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল :ত্ৰিপুৰা আৰক্ষীৰ জালত এটা বৃহৎ প্ৰৱঞ্চকৰ দল । ৰাজস্থানৰ চিট্টোড়গড়ৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কেইবাজনীয়া এটা প্ৰৱঞ্চকৰ দলক (Tripura Police Busted Big Fraud Case)। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ নামত বহুতো আই.এ.এছ (IAS) আৰু আই.পি.এছ (IPS) বিষয়াৰ পৰা লাখ লাখ টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ আছে দলটোৰ বিৰুদ্ধে । চিট্টোড়গড় চাইবাৰ চেলৰ সহযোগত ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে দলটোৰ ৫ জনক গ্ৰেপ্তাৰ কৰিছে (Five fraud Arrested from Chittorgarh)।
অভিযুক্তকেইজনক সদৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে । ত্ৰিপুৰাৰ শীৰ্ষ আৰক্ষী বিষয়াসকল চিট্টোড়গড়ত উপস্থিত হৈ ইতিমধ্যে অভিযুক্তকেইজনক সোধা-পোছা অব্যাহত ৰাখিছে । ইফালে আটাইকেইজনকে চিজেএম আদালতত হাজিৰ কৰোৱা হৈছিল, য'ত তেওঁলোক সকলোৱে জামিন লাভ কৰিছে ।
ত্ৰিপুৰাৰ আগৰতলা চাইবাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱে কোৱা মতে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰীৰ নামত এজন জ্যেষ্ঠ আই.এ.এছ বিষয়ালৈ এটা হোৱাটছএপ এছএমএছ প্ৰেৰণ কৰা হৈছিল আৰু কোৱা হৈছিল যে তেওঁ নম্বৰটো নতুনকৈ লৈছে । এছএমএছটোত এটা বেংক একাউণ্ট নম্বৰও প্ৰেৰণ কৰা হৈছিল আৰু ধন সেই নম্বৰলৈ স্থানান্তৰ কৰিবলৈ কোৱা হৈছিল । তেওঁ বৰ্তমান সভাত ব্যস্ত হৈ আছে । সভাৰ পৰা আহি ধনখিনি তেওঁ ঘূৰাই দিব ।
আই.এ.এছ বিষয়াজনে টকাখিনি সেই একাউণ্টলৈ স্থানান্তৰ কৰিছিল । বহু দিনৰ অন্তত, যেতিয়া উপ-মুখ্যমন্ত্ৰীয়ে এই বিষয়ে কোনো কথা পতা নাছিল, আই.এ.এছ বিষয়াগৰাকীয়ে তেওঁক সুধিছিল । কিন্তু সমগ্ৰ বিষয়টো অস্বীকাৰ কৰিছিল উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে । দেৱে কোৱা মতে অভিযুক্তজনে এটা হোৱাটছএপ গ্ৰুপও খুলিছিল য'ত শীৰ্ষ আই.এ.এছ আৰু আই.পি.এছ বিষয়াসকলক (Cheating from Big Officials) অন্তৰ্ভুক্ত কৰা হৈছিল ।
গ্ৰুপটোৰ প্ৰ'ফাইল ছবিত মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ ফটো লগোৱা হৈছিল । এনেদৰে, বহু বিষয়াইও টকা দিছিল । যেতিয়া একাউণ্টটো পৰীক্ষা কৰি গোচৰ ৰুজু কৰা হৈছিল তেতিয়া দেখা গৈছিল যে ধনখিনি চিট্টোড়গড়ৰ চাহানৱাৰ বাসিন্দা জগদীশ জাটৰ পুত্ৰ ৰাজু জাটৰ বেংক একাউণ্টত জমা কৰা হৈছিল ।