অসম

assam

By

Published : Feb 22, 2021, 9:24 AM IST

ETV Bharat / bharat

শ্ৰীলংকাৰ তামিল শৰণাৰ্থী সন্দৰ্ভত মন্তব্য আগবঢ়ালে ৰাজনাথ সিঙে

দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তামিলনাডুৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ এক সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীলংকাত গৃহযুদ্ধৰ বাবে 'গৃহহীন' হোৱা প্ৰায় ২৭ হাজাৰ পৰিয়ালক নতুন ঘৰ দিয়াৰ ব্যৱস্থা কৰিছে বুলি মন্তব্য কৰে ৷

শ্ৰীলংকাত তামিল শৰণাৰ্থীসকলক শান্তিৰে বাস কৰাটো নিশ্চিত কৰিব কেন্দ্ৰই: ৰাজনাথ সিং
শ্ৰীলংকাত তামিল শৰণাৰ্থীসকলক শান্তিৰে বাস কৰাটো নিশ্চিত কৰিব কেন্দ্ৰই: ৰাজনাথ সিং

নেশ্যনেল ডেস্ক, 22ফেব্ৰুৱাৰী :দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তামিলনাডুৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ এক সন্মিলনত অংশগ্ৰহণ কৰে ৷ এই সন্মিলনত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, তামিলনাডুৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক ব্যক্তিগত সম্পৰ্ক আছে ৷ শ্ৰীলংকাৰ তামিল শৰণাৰ্থীসকলে শান্তিৰে, সমতা আৰু স-সন্মানেৰে বসবাস কৰাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ৷

এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে কয় যে, দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে শ্ৰীলংকাৰ তামিল শৰণাৰ্থী সকলৰ সবলীকৰণৰ বাবে নিৰন্তৰ চেষ্টা কৰি আহিছে ।

২০১৫ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মোডীয়ে শ্ৰীলংকা ভ্ৰমণ কৰাৰ সময়ত তেওঁ শ্ৰীলংকাৰ জাফনা অঞ্চল পৰিভ্ৰমণ কৰিছিল ৷ শ্ৰীলংকাৰ জাফনা অঞ্চল পৰিভ্ৰমণ কৰা তেওঁ আছিল ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী ৷ শ্ৰীলংকাত গৃহযুদ্ধৰ বাবে 'গৃহহীন' হোৱা প্ৰায় ২৭ হাজাৰ পৰিয়ালক নতুন ঘৰ দিয়াৰ ব্যৱস্থা কৰিছিল ৷

প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে শ্ৰীলংকাৰ তামিল শৰণাৰ্থী সকলে শান্তি, সমতা আৰু স-সন্মানেৰে জীয়াই থকাটো নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে বুলি এই জনসভাত মন্তব্য কৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃৰাঙলুত ড্ৰাগছ সহ আটক দুই কুখ্যাত ব্যৱসায়ী

ABOUT THE AUTHOR

...view details