অসম

assam

ETV Bharat / bharat

Parliament Monsoon Session: সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান চৰকাৰৰ - সংসদ পুথিভঁৰাল ভৱন

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ এদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে 19 জুলাইত এক সৰ্বদলীয় বৈঠক আহ্বান কৰিছে ৷ বুধবাৰে আবেলি 3 বজাত সংসদ পুথিভঁৰাল ভৱনত দুয়োখন সদনৰ সকলো ৰাজনৈতিক দলৰ নেতাৰ এখন বৈঠক আহ্বান কৰা হৈছে ৷

Centre calls All Party Meeting Today
সৰ্বদলীয় বৈঠক আহ্বান চৰকাৰৰ

By

Published : Jul 19, 2023, 1:55 PM IST

নিউজ ডেস্ক, 19 জুলাই: বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব লগা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ এদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে অধিৱেশনৰ সুচাৰু কাৰ্যকৰী নিশ্চিত কৰাৰ বাবে সকলো পক্ষৰ সৈতে আলোচনা কৰিবলৈ 19 জুলাইত এক সৰ্বদলীয় বৈঠক আহ্বান কৰিছে ৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰাকমুহূৰ্তত বুধবাৰে আবেলি 3 বজাত সংসদ পুথিভঁৰাল ভৱনত দুয়োখন সদনৰ সকলো ৰাজনৈতিক দলৰ নেতাৰ এখন বৈঠক আহ্বান কৰা হৈছে ৷

সংসদৰ অধিৱেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান কৰাটো এটা পৰম্পৰা, য’ত বিভিন্ন দলে নিজৰ নিজৰ বিষয় সমূহ দাঙি ধৰে ৷ চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীসকলে এই বৈঠকত অংশগ্ৰহণ কৰে ৷ আনহাতে, ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে 18 জুলাই, মঙলবাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠক কেইবাটাও দলৰ নেতা উপস্থিত নোহোৱাত স্থগিত ৰখা হয় ৷ মঙলবাৰে বেংগালুৰুত বিৰোধী দলসমূহৰ বৈঠক অনুষ্ঠিত হোৱাৰ বিপৰীতে বুধবাৰে খোদ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীতো ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ বৈঠক অনুষ্ঠিত হ’ব ৷

20 জুলাইৰ পৰা 11 আগষ্টলৈকে চলিব সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷ ইয়াৰ ভিতৰত সংসদৰ দুয়োটা সদনত মুঠ 17 খন বৈঠকৰ প্ৰস্তাৱ দিয়া হৈছে ৷ বৰ্ষাকালীন অধিবেশনত এক হুলস্থূলীয়া পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ৷ এফালে শাসকীয় দলে গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে আনফালে মণিপুৰৰ হিংসা, ৰে’ল সুৰক্ষা, মুদ্ৰাস্ফীতি আৰু আদানী গোচৰত জেপিচি স্থাপনৰ দাবীকে ধৰি অন্যান্য বিষয়ত বিৰোধীয়ে চৰকাৰক শলঠেকত পেলাবলৈ চেষ্টা কৰিব ৷

লোকসভা সচিবালয়ৰ এক বুলেটিন অনুসৰি, সংসদৰ বৰ্ষাকালীন অধিৱেশনত প্ৰৱৰ্তন আৰু গৃহীত কৰাৰ বাবে 21 খন নতুন বিধেয়ক অন্তৰ্ভুক্ত কৰা হৈছে ৷ ইয়াত দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল চৰকাৰী সংশোধনী বিধেয়ক 2023 অন্তৰ্ভুক্ত আছে ৷ প্ৰাসংগিক অধ্যাদেশৰ সলনি বিধেয়কখন উত্থাপন কৰা হ'ব ৷ এই বিষয়ক লৈ আম আদমী পাৰ্টীয়ে চৰকাৰক লক্ষ্য কৰি আহিছে ৷

চৰকাৰী সূত্ৰই জনোৱা মতে, অধিৱেশনত গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ’ব বাবে অধিৱেশনখন চলোৱাত সকলো পক্ষই সহযোগিতা আগবঢ়াব লাগে ৷ কাৰণ চৰকাৰে নিয়ম আৰু পদ্ধতিৰ অধীনত কোনো বিষয়ৰ ওপৰত আলোচনা কৰাত পিছুৱাই যোৱা নাই ৷ একে সময়তে শেহতীয়াকৈ কংগ্ৰেছ দলৰ সংসদীয় কৌশল গোটৰ বৈঠকত মণিপুৰৰ হিংসা, ৰেল নিৰাপত্তা, ফেডাৰেল গাঁথনিৰ ওপৰত আক্ৰমণৰ অভিযোগ, পিএমএলএৰ অধীনলৈ জিএছটি অনা আৰু মুদ্ৰাস্ফীতিৰ ওপৰত আলোচনাৰ দাবীত গুৰুত্ব আৰোপ কৰা বুলি কোৱা হৈছে ৷

লগতে পঢ়ক:Constituency Delimitation 2023: আজিৰে পৰা তিনিদিনীয়াকৈ কলাক্ষেত্রত নিৰ্বাচন আয়োগৰ শুনানি

ABOUT THE AUTHOR

...view details