নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ: ভাৰতত ক'ভিড সৃষ্ট পৰিস্থিতি উন্নত হোৱাৰ লগে লগে বিভিন্ন ক্ষেত্ৰত পূৰ্বে থকা কেতবোৰ নিষেধাজ্ঞা শিথিল কৰা হৈছে । ৰে'ল বিভাগেও পুনৰ পূৰ্বৰ দৰে স্বাভাৱিক ধৰণে কাম কৰাৰ পৰিকল্পনা কৰিছে । সেই উদ্দেশ্যেৰে মহামাৰীসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰোপ কৰা নীতি-নিয়ম বিভাগটোৱে সাল-সলনি কৰিছে । বিশেষ ৰে'লসমূহ আঁতৰ কৰি স্বাভাৱিক ধৰণে কাম কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা হাতত লৈছে ।
শেহতীয়াকৈ কেন্দ্ৰীয় ৰে'লৱেই প্লেটফৰ্ম টিকটৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে(Central Railway reverts platform ticket price) ৷ কেন্দ্ৰীয় ৰে'লৱেই জাৰি কৰা এক নিৰ্দেশনাত উল্লেখ থকা মতে, প্লেটফৰ্ম টিকটৰ মূল্য ৫০ টকাৰ পৰা ১০ টকালৈ হ্ৰাস কৰা হৈছে(Platform ticket price costs Rs 10 in India) । কেন্দ্ৰীয় ৰে'লৱেৰ এই নতুন নিৰ্দেশ অনুসৰি, চি এছ এম টি, দাদৰ, এল টি টি, থানে, কল্যাণ আৰু পানভেল ষ্টেচনত প্লেটফৰ্ম টিকটৰ মূল্য এতিয়া ১০ টকালৈ হ্ৰাস কৰা হৈছে(Central Railways reduces platform ticket price) । যোৱা ২৫ নৱেম্বৰৰ পৰা প্লেটফৰ্ম টিকটৰ মূল্য কাৰ্যকৰী কৰা হৈছে (Platform ticket price reduced in India) ।
উল্লেখ্য যে, কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকা সময়ত প্ৰথম অৱস্থাত ৰে'ল চলাচলৰ ক্ষেত্ৰত প্ৰভাৱ পৰিছিল । কিন্তু পিছত পৰিস্থিতি উন্নত হোৱাৰ লগে লগে পুনৰ বিভাগটোৰ কাম-কাজ আৰম্ভ হয় ।