অসম

assam

ETV Bharat / bharat

COVID-১৯ প্ৰতিষেধকৰ বাবে ১ জানুৱাৰীত বৈঠক চি ডি এচ চি অৰ - DCGI ক আবেদন

৬ ডিচেম্বৰত এচ আই আইয়ে কভিচিল্ড (Covishield) ৰ বাবে জৰুৰীকালীন উপযোগ প্ৰাধীকৰণৰ ড্ৰাগছ কন্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়া (DCGI)ক আবেদন জনাইছিল । ৭ ডিচেম্বৰত ক'ভেস্কিনৰ বাবে অনুমতি বিচাৰি আবেদন জনাইছিল । ইফালে ফাইজাৰেও ৪ ডিচেম্বৰত ভেকচিনৰ বাবে অনুমতি বিচাৰি আবেদন জনাইছিল ।

প্ৰতিষেধকৰ বাবে ১ জানুৱাৰীত বৈঠক চি ডি এচ চি অৰ
প্ৰতিষেধকৰ বাবে ১ জানুৱাৰীত বৈঠক চি ডি এচ চি অৰ

By

Published : Dec 31, 2020, 2:19 PM IST

নেশ্যনেল ডেস্ক, ৩১ ডিচেম্বৰ: পুনেস্থিত চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া চমুকৈ (এচ আই আই) আৰু ভাৰত বায়'টেকৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিষেধকৰ অতিৰিক্ত তথ্য আৰু বিচাৰ প্ৰক্ৰিয়া চেন্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কন্ট্ৰল অৰগেনাইজেচন চমুকৈ (চি ডি এচ চি অ)ৰ বিষয় বিশেষজ্ঞ সমিতিৰ দ্বাৰা বৰ্তমানেও অব্যাহত আছে । এই সন্দৰ্ভত চি ডি এচ চি অৰে অহা ১ জানুৱাৰীত এক বৈঠক অনুষ্ঠিত কৰা হ'ব । ফাইজাৰ,এচ আই আই আৰু ভাৰত বায়'টেক প্ৰায়ভেট লিমিটেডৰ জৰুৰীকালীন উপযোগ প্ৰাধীকৰণ চমুকৈ (ইউ এ ই)ৰ অনুৰোধ মৰ্মে আলোচনা কৰিবলৈ বুধবাৰে বিষয় বিশেষজ্ঞ সমিতিয়ে সাক্ষাৎ কৰে । এই সন্দৰ্ভত কেন্দ্ৰই এক মন্তব্য়ত কয় যে প্ৰতিষেধক প্ৰস্তুতৰ বাবে অতিৰিক্ত তথ্য আৰু বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে ।

প্ৰতিষেধকৰ বাবে ১ জানুৱাৰীত বৈঠক চি ডি এচ চি অৰ

যোৱা ৪ ডিচেম্বৰত আমেৰিকাৰ ফাইজাৰে প্ৰথমবাৰৰ বাবে শীঘ্ৰে অনুমোদন জনাবলৈ আবেদন জনাইছিল । ইয়াৰ পাচতে এচ আই আই ভাৰত বায়'টেকে ৬ আৰু ৭ ডিচেম্বৰত আবেদন জনাইছিল । ৯ ডিচেম্বৰত বিষয় বিশেষজ্ঞ সমিতিয়ে এচ আই আই আৰু ভাৰত বায়'টেকে অনুমোদন জনাবলৈ অধিক তথ্য আৰু বিচাৰ প্ৰস্তুত কৰিবলৈ কোৱা হৈছিল ।

হায়দৰাবাদস্থিত ভাৰত বায়'টেকে বিস্তৃত বিচাৰ-প্ৰক্ৰিয়াৰ পাচত বিষয় সন্দৰ্ভত সমিতিয়ে জনাইছিল ।

৬ ডিচেম্বৰত এচ আই আইয়ে কভিচিল্ড (Covishield) ৰ বাবে জৰুৰীকালীন উপযোগ প্ৰাধীকৰণৰ ড্ৰাগছ কন্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়া (DCGI)ক আবেদন জনাইছিল । ৭ ডিচেম্বৰত ক'ভেস্কিনৰ বাবে অনুমতি বিচাৰি আবেদন জনাইছিল । ইফালে ফাইজাৰেও ৪ ডিচেম্বৰত ভেকচিনৰ বাবে অনুমতি বিচাৰি আবেদন জনাইছিল ।

লগতে পঢ়ক: কৃষক বিদ্ৰোহ:কৃষকৰ চাৰিটা দাবীৰ ভিতৰত দুটাত কৃষক আৰু চৰকাৰৰ সহমত

ABOUT THE AUTHOR

...view details