অসম

assam

ETV Bharat / bharat

Indian Overseas Bank ৰ ছয়জন বিষয়াৰ বিৰুদ্ধে চিবিআইৰ গোচৰ - ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা

Indian Overseas Bank ৰ প্ৰাক্তন ছয়জন বিষয়া বিৰুদ্ধে জমাকাৰীৰ ধন আত্মসাতৰ অভিযোগত শুকুৰবাৰে গোচৰ ৰুজু কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইয়ে ৷ Indian Overseas Bank ৰ বিজয়ৱাডা আৰু গুন্তৰ জিলাৰ দুটাকৈ শাখাৰ বিষয়াৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এই গোচৰ ৷

CBI books 6 former IOB officials, others for misappropriation of funds
Indian Overseas Bank ৰ ছয়জন বিষয়াৰ বিৰুদ্ধে চিবিআয়ৰ গোচৰ

By

Published : Jan 29, 2021, 7:12 PM IST

নিউজ ডেস্ক, 29 জানুৱাৰী : Indian Overseas Bank ৰ প্ৰাক্তন ছয়জন বিষয়া বিৰুদ্ধে জমাকাৰীৰ ধন আত্মসাতৰ অভিযোগত শুকুৰবাৰে গোচৰ ৰুজু কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইয়ে ৷ Indian Overseas Bank ৰ বিজয়ৱাডা আৰু গুন্তৰ জিলাৰ দুটাকৈ শাখাৰ বিষয়াৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এই গোচৰ ৷

চিবিআয়ে সদৰি কৰা মতে Indian Overseas Bank ৰ গুন্তৰ জিলাৰ মংগালাগিৰি শাখাৰ পৰা জমাকাৰীৰ ধনৰ প্ৰায় 418.84 লাখ টকা বিপথে সৰবৰাহ হৈছে ৷ ইয়াৰ সমান্তৰালভাৱে ভিন্ন তাৰিখত চৰিটা বিশেষ একাউন্টত প্ৰায় 387.71 আৰু 68.84 লাখ টকা শাখাৰ মেনেজাৰৰ এটা বিশেষ একাউন্টত জমা কৰা হৈছে বুলি তথ্য প্ৰকাশ কৰিছে চিবিআইয়ে ৷

উল্লেখ্য যে, বেংকটোৰ জমাকাৰী একাউন্টসমূহ আৰোগ্য ভদ্ৰথা নামৰ এজন বিষয়াই চোৱাচিতা কৰিছিল ৷ ইতিমধ্যে এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে ৷

লগতে পঢ়ক: চৰকাৰৰ আঁচনিক জম্মু-কাশ্মীৰবাসীয়ে সমৰ্থন জনাইছে: ৰাষ্ট্ৰপতি

ABOUT THE AUTHOR

...view details