অসম

assam

ETV Bharat / bharat

CBI arrested CM daughter's EX Auditor: গ্ৰেপ্তাৰ হ’ল তেলেংগানাৰ মুখ্যমন্ত্ৰী কন্যাৰ প্ৰাক্তন একাউণ্টেণ্ট - Telangana CM K Chandrasekhar Rao

দিল্লী আবকাৰী নীতিৰ গোচৰত কে চন্দ্ৰশেখৰ ৰাওৰ কন্যাৰ প্ৰাক্তন চাৰ্টাৰ্ড একাউণ্টেণ্টক গ্ৰেপ্তাৰ কৰিলে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই (CBI arrested CM KCR's daughter's EX Auditor in Delhi Liquor scam case) ৷

Etv Bharat
গ্ৰেপ্তাৰ হ’ল তেলেংগানাৰ মুখ্যমন্ত্ৰী কন্যাৰ প্ৰাক্তন একাউণ্টেণ্ট

By

Published : Feb 8, 2023, 9:49 AM IST

Updated : Feb 8, 2023, 11:39 AM IST

নেশ্যনেল ডেস্ক, 8 ফেব্ৰুৱাৰী: দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ তদন্ত কৰি থকা কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৱে (CBI) তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যাৰ প্ৰাক্তন চাৰ্টাৰ্ড একাউণ্টেণ্টক গ্ৰেপ্তাৰ কৰিছে (CBI arrests KCR's daughters former CA in Delhi liquor policy case) ৷ আজি অৰ্থাৎ বুধবাৰে আদালতত হাজিৰ কৰা হ’ব হায়দৰাবাদৰ চাৰ্টাৰ্ড একাউটেণ্ট বুটচিবাবু গোৰাণ্টলাক (Chartered Accountant Butchibabu Gorantla)।

দিল্লীৰ আবকাৰী নীতিৰ ‘প্ৰণয়ন আৰু কাৰ্যকৰীকৰণত' ভূমিকা থকাৰ অভিযোগ উত্থাপন কৰি তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাৰ প্ৰাক্তন একাউণ্টেণ্ট বুটচিবাবু গোৰান্তলাক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে (Telangana Chief Minister K Chandrashekhar Rao)। চিবিআইৰ এটা সূত্ৰই জনোৱা মতে, হায়দৰাবাদৰ পাইকাৰী আৰু খুচুৰা অনুজ্ঞাপত্ৰধাৰী আৰু তেওঁলোকৰ হিতাধিকাৰী মালিকসকলৰ পৰা অসৎ উপায়েৰে অৰ্থ আদায়ৰ অভিযোগ উত্থাপিত হৈছিল তেলেংগানাৰ মুখ্যমন্ত্ৰী কন্যাৰ প্ৰাক্তন একাউণ্টেণ্টগৰাকীৰ বিৰুদ্ধে (Telangana CM K Chandrasekhar Rao)। জানিব পৰা মতে, বুধবাৰে তেওঁক আদালতত হাজিৰ কৰা হ’ব (CBI arrests KCRs daughters former CA in Delhi liquor policy case)।

সম্প্ৰতি বাতিল হোৱা দিল্লী আৱকাৰী নীতিয়ে দেশৰ ৰাজধানীত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল আৰু দিল্লীত বিজেপি-চৰকাৰৰ প্ৰতিনিধি হিচাপে দেখা পোৱা লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই এই নীতিৰ সৈতে জড়িত শীৰ্ষ ব্যক্তিসকলৰ ওপৰত পূৰ্ণাংগ তদন্ত আৰম্ভ কৰিছিল । আনকি এই তদন্ত প্ৰক্ৰিয়াৰ পৰা বাদ পৰা নাছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াও ৷ চিছ’দিয়াৰ ওপৰতো এজেন্সীটোৱে কেলেংকাৰী সন্দৰ্ভত কৰিছিল তদন্ত (Minister Manish Sisodia)।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই দাখিল কৰা প্ৰতিবেদনত অন্ধ্ৰ প্ৰদেশৰ শাসকীয় ৱাই এছ আৰ কংগ্ৰেছৰ সাংসদ মগুন্ত শ্ৰীনিবাসলু ৰেড্ডী (MP Magunta Srinivasalu Reddy) আৰু অৰবিন্দ ফাৰ্মাৰ সাৰথ ৰেড্ডীৰ লগতে কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কবিতাৰ নামো সংযুক্ত হৈছিল । কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে উল্লেখ কৰা অনুসৰি, প্ৰণয়ন কৰা নীতিৰ অধীনত সুৰা বিক্ৰেতাৰ অনুজ্ঞাপত্ৰ মাচুল ৰেহাই দিয়া হৈছিল আৰু তেওঁলোকৰ ওপৰত অনুগ্ৰহ প্ৰদান কৰা হৈছিল । ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত চিবিআইৰ স্লুথৰ এটা দলে কবিতাক ‘পলিচি কেলেংকাৰী’ৰ সৈতে জড়িত থকাৰ সন্দেহত তদন্ত কৰাৰ লগতে তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিছিল (CBI arrested CM KCR's daughter's EX Auditor in Delhi Liquor scam case) ।

লগতে পঢ়ক :TMC MP Mahua Moitra on Adani: আদানী সন্দৰ্ভত চৰকাৰক তীব্ৰ আক্ৰমণ সাংসদ মহুৱা মৈত্ৰীৰ

Last Updated : Feb 8, 2023, 11:39 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details