অসম

assam

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 12:47 PM IST

ETV Bharat / bharat

Mahua Moitra Row : বৃদ্ধি পালে মহুৱা মৈত্ৰৰ সমস্যা; ডুবাইৰ পৰা ৪৭ বাৰ লগ ইন কৰা হৈছে তেওঁৰ সংসদীয় একাউণ্ট

মহুৱা মৈত্ৰই বৃহস্পতিবাৰে নগদ ধনৰ বিনিময়ত প্ৰশ্নৰ গোচৰত নৈতিক সমিতিৰ সন্মুখত হাজিৰ হোৱাৰ কথা আছে । তাৰ পূৰ্বে আন এটা সমস্যাৰ উদ্ভৱ হৈছে । মহুৱাই এতিয়া ইয়াক কেনেদৰে অতিক্ৰম কৰিব পাৰে সেয়া লক্ষণীয় হ'ব ।

বৃদ্ধি পালে মহুৱা মৈত্ৰৰ সমস্যা; ডুবাইৰ পৰা ৪৭ বাৰ লগ ইন কৰা হৈছে তেওঁৰ সংসদীয় একাউণ্ট
Mahua Moitra Row

নিউজ ডেস্ক, ২ নৱেম্বৰ :লোকসভাত ধনৰ বিনিময়ত প্ৰশ্ন সোধাৰ অভিযোগৰ সন্মুখীন হোৱা তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই বৃহস্পতিবাৰে নৈতিক সমিতিৰ সন্মুখত হাজিৰ হ'ব । ইয়াৰ পূৰ্বে তেওঁ কয় যে তেওঁ ব্যৱসায়ী দৰ্শন হিৰানন্দানী আৰু অধিবক্তা জয় অনন্ত দেহদ্ৰীৰ পৰা ইয়াৰ অনুমতি বিচাৰিছে । আনহাতে, সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, মহুৱা মৈত্ৰৰ সংসদ একাউণ্ট সন্দৰ্ভত এক ডাঙৰ কথা পোহৰলৈ আহিছে ।

সূত্ৰৰ পৰা বোৱা খবৰ অনুযায়ী, মহুৱা মৈত্ৰৰ সংসদীয় একাউণ্ট ডুবাইৰ পৰা লগ ইন কৰা হৈছিল । এই একাউণ্টটো এবাৰ বা দুবাৰ নহয়, ৪৭ বাৰ খোলা হৈছে বুলিও জানিব পৰা গৈছে । উল্লেখ্য যে টিএমচিৰ সাংসদগৰাকীয়ে ব্যৱসায়ী দৰ্শন হিৰানন্দানীৰ নিৰ্দেশত লোকসভাত প্ৰশ্ন সোধাৰ অভিযোগ উত্থাপিত হৈছে ।

সংবাদ সংস্থা পিটিআইৰ মতে, মহুৱা মৈত্ৰই স্বীকাৰ কৰিছে যে তেওঁ ব্যৱসায়ী দৰ্শন হিৰানন্দানীক তেওঁৰ লগ-ইনৰ বিৱৰণ প্ৰদান কৰিছিল । তেওঁ হিৰানন্দনীক তেওঁৰ বন্ধু বুলিও বৰ্ণনা কৰে । অৱশ্যে মহুৱাই টকা লৈ প্ৰশ্ন সোধাৰ সকলো অভিযোগ অস্বীকাৰ কৰিছে । উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ নিশিকান্ত ডুবেই লোকসভাত তৃণমূল সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ।

বিজেপি সাংসদ নিশিকান্ত ডুবেই তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টত লিখিছে যে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ বিষয়ে সংবাদ মাধ্যমত যি চৰ্চা চলি আছে, তাৰে প্ৰতিবেদন অনুসৰি তেওঁৰ সংসদীয় একাউণ্ট ডুবাইৰ পৰা ৪৭ বাৰ লগ-ইন কৰা হৈছিল । তেওঁ লগতে লিখিছে যে সকলো সাংসদ ইয়াৰ বিৰুদ্ধে একত্ৰিত হোৱা উচিত ।

লগতে পঢ়ক :Cash for query case : আজি সংসদৰ নৈতিকতা সমিতিৰ সন্মুখত হাজিৰ হ'ব মহুৱা মৈত্ৰ

ABOUT THE AUTHOR

...view details