অসম

assam

ETV Bharat / bharat

Cannabis Smuggling : ত্ৰিপুৰাত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক এজন

প্ৰাপ্ত খবৰ অনুসৰি, বাহনখনত ৭৭.৪৫ কিলোগ্ৰাম গাঞ্জা কঢ়িয়াই সৰবৰাহ কৰা হৈছিল । উক্ত গাঞ্জাখিনি বাহনখনৰ বিভিন্ন অংশত বিভিন্ন অত্যাধুনিক উপায়েৰে লুকুৱাই ৰখা হৈছিল (cannabis smuggler arrested in Tripura) ।

Tripura
Tripura

By

Published : Oct 21, 2022, 5:10 PM IST

আগৰতলা, ২১ অক্টোবৰ :ত্ৰিপুৰা আৰক্ষীয়ে (Tripura Police) শুকুৰবাৰে উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰ উপ-সংমণ্ডলৰ বাগবাচা অঞ্চলৰ পৰা এজন লোকক গাঞ্জাৰ চোৰাং সৰবৰাহ কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে (cannabis smuggler arrested in Tripura) ।

উল্লেখ্য, মক ড্ৰিলৰ সময়ত আৰক্ষীয়ে বাহনসমূহৰ তালাচী চলাই আছিল (Tripura Police mock drill) । কিন্তু আৰক্ষীৰ তালাচী অভিযানৰ সময়তেই এখন ৰঙা ৰঙৰ মাৰুতি চুজুকি গাড়ীয়ে আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা কৰে । পিছত যান-বাহন আৰক্ষীয়ে বাহনখনক খেদি যায় আৰু বাগবাচা আউট পোষ্টৰ আৰক্ষীকো খবৰ দিয়ে ।

তাৰ পিছত বাগবাচা আউট পোষ্টৰ আৰক্ষী আৰু যান-বাহন আৰক্ষীৰ সহযোগত বাহনখন বাগবাচা হলী ক্ৰছ স্কুলৰ সন্মুখত আটক কৰা হয় (vehicle detained for smuggling cannabis) । কিন্তু গাড়ীখনৰ চালকজনে পলায়ন কৰে যদিও মঞ্জু কুমাৰ দেৱবৰ্মা নামৰ এজন লোকক গাড়ীখনৰ পৰা আটক কৰা হয় । ব্যক্তিজন ত্ৰিপুৰাৰ খোৱাই জিলাৰ ৰামচন্দ্ৰঘাটৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত খবৰ অনুসৰি, বাহনখনত ৭৭.৪৫ কিলোগ্ৰাম গাঞ্জা কঢ়িয়াই সৰবৰাহ কৰা হৈছিল । উক্ত গাঞ্জাখিনি বাহনখনৰ বিভিন্ন অংশত বিভিন্ন অত্যাধুনিক উপায়েৰে লুকুৱাই ৰখা হৈছিল । বাগবাচা আউট পোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামা প্ৰসাদ দাস, ধৰ্মনগৰ যান-বাহন আৰক্ষী বিষয়া পংকজ দেৱনাথ আৰু ডিএছপি সমীৰ ৰয়ে উক্ত অভিযানটোৰ নেতৃত্ব দিয়ে ।

উল্লেখ্য, ত্ৰিপুৰাৰ অসম-মেঘালয় সীমান্তৰেৰে নিতৌ নিচাযুক্ত দ্ৰৱ্যৰ সৰবৰাহ অব্যাহত আছে । ত্ৰিপুৰা আৰক্ষী তথা বিএছএফে এই নিচাযুক্ত দ্ৰৱ্য সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই আহিছে যদিও ৰোধ কৰিব পৰা নাই এই চোৰাং বেহা । ইতিমধ্যে ত্ৰিপুৰা আৰক্ষীয়ে এনে বহুসংখ্যক নিচাযুক্ত দ্ৰৱ্যৰ চোৰাং সৰবৰাহকাৰীক আটক তথা গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে বহু পৰিমাণৰ নিচাযুক্ত সামগ্ৰী । ত্ৰিপুৰাৰ আৰক্ষীৰ চোকা দৃষ্টিত ধূলি দি কিন্তু এতিয়াও একাংশ অসাধু লোকে চলাই আছে এই অপৰাধমূলক কাৰ্য ।

লগতে পঢ়ক :GMC Scam: ৬অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে চি এম ভিজিলেঞ

For All Latest Updates

ABOUT THE AUTHOR

...view details