আগৰতলা, 7 আগষ্ট : ত্ৰিপুৰাত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে সোমবাৰে চুৰাইবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ তত্বাৱধানত আৰক্ষীৰ দলে 4 লাখ টকাৰ শুকান গাঞ্জা ভৰ্তি ল’ৰী সহ চালকক আটক কৰে ।
উত্তৰ ত্ৰিপুৰা জিলাৰ চুৰাইবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰেশ দাসে হিঃৰাজ্যলৈ শুকান গাঞ্জা সৰবৰাহ কৰাৰ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত 4 লাখ টকাৰ শুকান গাঞ্জাভৰ্তি ল’ৰী এখন জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ দলটোৱে ল’ৰীখনৰ চালক ৰাধেশ্যাম ডুবেকো কৰায়ত্ত কৰে ৷ আটকাধীন চালকৰ ঘৰ উত্তৰ প্ৰদেশৰ খুছিনগৰ জিলাৰ নিৰ্ভয়া গাঁৱত ।
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰেশ দাস আৰু উপ-পৰিদৰ্শকৰ সহযোগত অসম আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ নং ৮ স্থানীয় থানাৰ সন্মুখৰ নাকা পইণ্টত পুৱাৰে পৰা তালাচী চলাই আছিল ৷ তেনে সময়তে এখন বাৰচকীয়া ল’ৰী অহাৰ লগে লগে আৰক্ষীৰ দলটোৱে ল’ৰীখনত তালাচী চলায়। তালাচীৰ সময়ত কেবিনৰ ভিতৰৰ গোপন কোঠাৰ পৰা 43 টা পেকেটত থকা 297 কেজি শুকান গাঞ্জা জব্দ কৰে। উদ্ধাৰ কৰা গাঞ্জাখিনিৰ ক’লা বজাৰত মূল্য প্ৰায় 4 লাখ টকা বুলি অনুমান কৰা হৈছে।