অসম

assam

Calcutta High Court : অভিষেক বেনাৰ্জীৰ আবেদন শুনিবলৈ অস্বীকাৰ কলিকতা হাইকোৰ্টৰ

পৌৰ নিগমৰ নিযুক্তি দুৰ্নীতিৰ গোচৰত বৃহস্পতিবাৰে কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অমৃতা সিনহাই প্ৰদান কৰা নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিষেক বেনাৰ্জীয়ে শুকুৰবাৰে একেখন আদালতত আন এক আবেদন জনাইছিল (Abhishek Banerjee plea in Calcutta High Court) । এই আবেদনৰ পৰিপ্ৰেক্ষিততে হাইকোৰ্টত বিমুখ হ'বলগা হ'ল অভিষেক বেনাৰ্জী ।

By

Published : May 19, 2023, 5:23 PM IST

Published : May 19, 2023, 5:23 PM IST

Calcutta High Court
Calcutta High Court

নিউজ ডেস্ক, ১৯ মে' :পুনৰ এবাৰ ন্যায়ালয়ত মুখ থেকেচা খালে তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে (TMC All India General Secretary Abhishek Banerjee) । উল্লেখ্য, পৌৰ নিগমৰ নিযুক্তি দুৰ্নীতিৰ গোচৰত বৃহস্পতিবাৰে কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অমৃতা সিনহাই এক নিৰ্দেশ প্ৰদান কৰিছিল । এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিষেক বেনাৰ্জীয়ে শুকুৰবাৰে কলিকতা উচ্চ ন্যায়ালয়ত আন এক আবেদন জনাইছিল (Abhishek Banerjee plea in Calcutta High Court) ।

এই আবেদনৰ পৰিপ্ৰেক্ষিততে হাইকোৰ্টত বিমুখ হ'বলগা হ'ল অভিষেক বেনাৰ্জী । ন্যায়াধীশ অৰিজিত বেনাৰ্জী আৰু ন্যায়াধীশ অপূৰ্ব সিনহা ৰয়ৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে শুকুৰবাৰে গোচৰটোৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ৷ উচ্চ ন্যায়ালয়ৰ মতে, গোচৰটো যিহেতু বিচাৰপীঠৰ ন্যায়িক বিষয়ৰ তালিকাত নাই, সেয়েহে গোচৰটোৰ শুনানি সম্ভৱ নহয় (Calcutta HS refuses to hear Abhishek Banerjee plea) ৷

আনহাতে, খণ্ড বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ নকৰাৰ বাবে বিষয়টো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ টি এছ শিৱগনানামৰ (Chief Justice of Calcutta HC TS Sivagnanam) বিচাৰপীঠলৈ প্ৰেৰণ কৰা হয় । তাৰ পিছত নিয়ম অনুসৰি গোচৰটো ন্যায়াধীশ সুব্ৰত তালুকদাৰৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰা হয় । ইফালে ন্যায়াধীশগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে সময়ৰ অভাৱৰ বাবে শুকুৰবাৰে তেওঁৰ বাবে গোচৰটোৰ শুনানি সম্ভৱ নহয় । উল্লেখ্য, কলিকতা উচ্চ ন্যায়ালয়ৰ গ্ৰীষ্মকালীন বন্ধ সোমবাৰৰ পৰা আৰম্ভ হ'ব । লক্ষণীয়ভাৱে বৃহস্পতিবাৰে পুৱা ন্যায়াধীশ অমৃতা সিনহাই কুন্তল ঘোষৰ পত্ৰ গোচৰৰ শুনানিত অভিষেক বেনাৰ্জীক চিবিআইৰ জেৰাৰ বাবে ন্যায়াধীশ অভিজিত গাংগুলীয়ে দিয়া নিৰ্দেশ বাহাল ৰাখে (CBI interrogation of Abhishek Banerjee) ।

ইয়াৰ উপৰি তৃণমূলৰ সাংসদ তথা তৃণমূলৰ প্ৰাক্তন যুৱ নেতা কুন্তল ঘোষক ২৫ লাখ টকাৰ জৰিমনা বিহা হয় । উল্লেখ্য, অভিষেক বেনাৰ্জীৰ অধিবক্তাসকলে বৃহস্পতিবাৰে জৰুৰী শুনানিৰ বাবে খণ্ড বিচাৰপীঠলৈ গৈছিল । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে তৃণমূলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদকজনৰ অধিবক্তাসকলে মুখ্য ন্যায়াধীশ টি এছ শিৱগনানামৰ দৃষ্টি আকৰ্ষণ কৰে আৰু কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা খণ্ড বিচাৰপীঠক গোচৰটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ।

অৱশ্যে উক্ত আবেদন শুকুৰবাৰে শুনানিৰ বাবে লোৱা হোৱা নাই । ন্যায়াধীশ সুব্ৰত তালুকদাৰৰ খণ্ড বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰিব নিবিচৰাত অভিষেকৰ অধিবক্তাসকলে পুনৰ মুখ্য ন্যায়াধীশ টি এছ শিৱগনানামৰ দৃষ্টি আকৰ্ষণ কৰে । আনহাতে, সোমবাৰৰ পৰা ন্যায়ালয়ৰ গ্ৰীষ্মকালীন বন্ধ আৰম্ভ হ'বলৈ মাজত মাথোঁ দুটা দিন বাকী আছে । সেয়ে মুখ্য ন্যায়াধীশে কয় যে অভিষেক বেনাৰ্জীয়ে গ্ৰীষ্মকালীন বন্ধৰ বিচাৰপীঠত ইয়াৰ বাবে আবেদন কৰিব পাৰে । আৰু যদি সেইটো নহয় তেন্তে বন্ধ খোলাৰ পিছতহে তেওঁ আবেদন কৰিব পাৰিব । তেনে পৰিপ্ৰেক্ষিতত এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, অভিষেক বেনাৰ্জীয়ে ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব নেকি ? অৱশ্যে সেইটো এতিয়ালৈকে স্পষ্টভাৱে জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক :Cordelia Cruise Drug Bust Case : চিবিআইৰ এজাহাৰ বাতিলৰ আবেদন লৈ হাইকোৰ্টত সমীৰ ৱানখেড়ে

ABOUT THE AUTHOR

...view details