নেশ্যনেল ডেস্ক, ১১ আগষ্ট: ক'ভিড-১৯(COVID-19)ৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে পশ্চিমবংগ(West Bengal)ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত এইবাৰ ৰাজ্যখনত উপ-নিৰ্বাচন(By-election) অনুষ্ঠিত কৰাৰ যো-জা চলিছে । চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহতে ৰাজ্যখনত উপ-নিৰ্বাচন(By-election) অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । জানিব পৰা মতে, ভাৰতীয় নিৰ্বাচনী আয়োগে শীঘ্ৰেই এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'বলৈ সাজু হৈছে । পশ্চিমবংগৰ মুঠ ৭টা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব ।
উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিকেইটা হৈছে- ভবানীপুৰ, খ্ৰাদা, শান্তিপুৰ, দিনহাটা, গোচাবা, সমচেৰগঞ্জ আৰু জংগীপুৰ । নিৰ্বাচনী আয়োগৰ এক সূত্ৰই জনোৱা মতে, ৰাজ্যখনত বিশ্বকৰ্মা পূজা শেষ হোৱাৰ লগে লগে নিৰ্বাচন অনুষ্ঠিত হ'ব । সূত্ৰটোৱে প্ৰকাশ কৰা মতে, এই সাতটা সমষ্টিত ইতিমধ্যে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ হৈছে । ইফালে, তৃণমূল কংগ্ৰেছে উপ-নিৰ্বাচনৰ প্ৰক্ৰিয়া শীঘ্ৰে সম্পূৰ্ণ কৰাৰ বাবে আয়োগক আহ্বান জনাই আহিছে ।
ইয়াৰ পূৰ্বে, নিৰ্বাচনী আয়োগে ৰাজ্যখনৰ ক'ভিডসৃষ্ট পৰিস্থিতিৰ বিষয়ে তথ্য বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিছিল ।
আয়োগে এই পত্ৰখনৰ জৰিয়তে পোনপটীয়াকৈ সুধিছিল যে, ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা পৰিস্থিতি বৰ্তমান আছে নে নাই । আয়োগৰ প্ৰশ্নৰ উত্তৰত, ৰাজ্য চৰকাৰে কয় যে, বৰ্তমান ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু সেয়েহে উপ-নিৰ্বাচন অনুষ্ঠিত কৰাত কোনো সমস্যাৰ সৃষ্টি নহ'ব । ইয়াৰ পৰা ধৰণা কৰিব পাৰি যে, উপ-নিৰ্বাচন শীঘ্ৰেই অনুষ্ঠিত হ'ব । উল্লেখ্য যে, যোৱা ২৭ মাৰ্চৰ পৰা ২৯ এপ্ৰিললৈ পশ্চিমবংগত আঠটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ।
মূলতঃ বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতাৰ মাজত নিৰ্বাচনী যুঁজ প্ৰত্যক্ষ কৰিছিল দেশবাসীয়ে । বিধানসভা নিৰ্বাচনত শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছিল তৃণমূল কংগ্ৰেছে । কিন্তু ৰাজ্যখনত নিৰ্বাচনৰ পাছতো বিবাদৰ অন্ত পৰা নাছিল ।
তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তা আৰু বিজেপিৰ কৰ্মকৰ্তাৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছিল । তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে বিজেপি কৰ্মীক আক্ৰমণ কৰাৰো অভিযোগ উত্থাপিত হৈছিল । এইবাৰ ৰাজ্যখনত উপ-নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে যাৱতীয় ব্যৱস্থা লোৱা হৈছে । কিন্তু এই ব্যৱস্থাসমূহ কিমান ফলপ্ৰসূ হয় সেয়া লক্ষণীয় হ'ব ।
লগতে পঢ়ক: বৃহস্পতিবাৰে আত্মসহায়ক গোটৰ মহিলাৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে