অসম

assam

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 10:32 PM IST

ETV Bharat / bharat

Legislative Assembly polls: তেলেংগানাৰ খনি মন্ত্ৰালয়ৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ পাটনাম মহেন্দৰ ৰেড্ডীৰ

তেলেংগানাৰ মন্ত্ৰীসভাত স্থান লাভ বিআৰএছৰ বিধায়ক পাটনাম মহেন্দৰ ৰেড্ডীৰ ৷ ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজনে ৰাজভৱনত পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় মহেন্দৰ ৰেড্ডীক ৷ নিৰ্বাচনৰ প্ৰকক্ষণত মহেন্দৰ ৰেড্ডীক সন্তুষ্ট কৰাৰ বাবে মন্ত্ৰীসভাত স্থান দিয়া বুলি গণ্য কৰা হৈছে ।

Legislative Assembly polls
তেলেংগানাৰ খনি মন্ত্ৰালয়ৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ পাটনাম মহেন্দৰ ৰেড্ডীৰ

নিউজ ডেস্ক, 24 আগষ্ট:তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ল আন এজন মন্ত্ৰী ৷ শাসকীয় ভাৰত ৰাষ্ট্ৰ সমিতি চমুকৈ বিআৰএছৰ বিধায়ক পাটনাম মহেন্দৰ ৰেড্ডীক বৃহস্পতিবাৰে মন্ত্ৰীসভাত অন্তৰ্ভূক্ত কৰা হয় ৷ ৰাজভৱনত মহেন্দৰ ৰেড্ডীক ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজনে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷

পাটনাম মহেন্দৰ ৰেড্ডীৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ লগতে তেওঁৰ কেবিনেট সতীৰ্থকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে । খনি মন্ত্ৰালয়ৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে পাটনাম মহেন্দৰ ৰেড্ডীয়ে ৷ আগন্তুক বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে টিকট ঘোষণা কৰাৰ পিচত বি আৰ এছৰ সভাপতি ৰাৱে মহেন্দৰ ৰেড্ডীক সন্তুষ্ট কৰাৰ বাবে মন্ত্ৰীসভাত স্থান দিয়া বুলি গণ্য কৰা হৈছে ।

উল্লেখ্য যে, ভাৰত ৰাষ্ট্ৰ সমিতি চমুকৈ বি আৰ এছৰ সভাপতি তথা মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে সোমবাৰে ঘোষণা কৰে চলিত বৰ্ষৰ শেষৰফালে ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাখন । মুখ্যমন্ত্ৰী ৰাওৱে মুঠ 119 খন আসনৰ বাবে 115 জন প্ৰাৰ্থী তালিকা ঘোষণা কৰে । পূৰ্বে পৰিবহণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা মহেন্দ্ৰ ৰেড্ডীক বিকাৰাবাদ জিলাৰ তাণ্ডুৰ সমষ্টিৰ পৰা বিআৰএছ টিকটৰ শক্তিশালী দাবীদাৰ বুলি কোৱা হৈছিল । কিন্তু শাসনাধিষ্ঠিত বিআৰএছে বৰ্তমানৰ বিধায়ক পাইলট ৰোহিত ৰেড্ডীক তাণ্ডুৰ সমষ্টিৰ পৰা দলীয় টিকট প্ৰদান কৰে ।

ইফালে বি আৰ এছৰ সভাপতি তথা মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে গজৱেল আৰু কামাৰেড্ডী দুয়োটা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব । অহা কেইমাহমানৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া তেলেংগানা বিধানসভা নিৰ্বাচনৰ সময়সূচী এতিয়াও নিৰ্বাচন আয়োগে ঘোষণা কৰা নাই ।

লগতে পঢ়ক:Telangana assembly polls 2023: মুখ্যমন্ত্ৰী কেচিআৰে প্ৰকাশ কৰিলে বিআৰএছৰ ১১৯ গৰাকী প্ৰাৰ্থীৰ তালিকা

ABOUT THE AUTHOR

...view details