অসম

assam

ETV Bharat / bharat

কালমা পঢ়াবলৈ লওঁতেই ভাঙিল নিকাহ, কইনা অবিহনেই উভতিল বৰযাত্ৰী - উদুলি মুদুলি ৰভা তলি

উদুলি-মুদুলি বিয়াঘৰৰ বাকৰি ৷ সকলো ব্যস্ত ৷ কোনোৱে যদি আলহীক আদৰাৰ যো-জা কৰিছে ৷ আন কোনোৱে আকৌ আখলৰ যোগাৰ লোৱাত ব্যস্ত ৷ মুঠৰ ওপৰত কাৰোৰে নাই আহৰি ৷ সময়ত মৌলবীৰ সৈতে কালমা পঢ়াবলৈ বহিল দৰা-কইনাও ৷ কিন্তু হঠাৎ লাগিল হুলস্থূল ৷ দৰাৰ লগতে দৰাঘৰীয়াক আদৰ-সাদৰ কৰি আপ্যায়ন কৰাৰ অন্তত নিজ কন্যাক বিয়া দিবলৈ অমান্তি হ’ল কন্যাৰ মাতৃ তথা পৰিয়ালবৰ্গ (Bride refused marry in Uttarakhand)৷ তাৰ পাচত কি হ’ল...

Bride refused marry because of age of groom at Haldwani
কালমা পঢ়াবলৈ লওঁতেই ভাঙিল নিকাহ, কন্যা অবিহনেই উভতিল বৰযাত্ৰী

By

Published : Aug 21, 2022, 7:01 PM IST

Updated : Aug 21, 2022, 7:24 PM IST

নেশ্যনেল ডেস্ক, 21 আগষ্ট :উদুলি-মুদুলি ৰভাতলি ৷ এজন-দুজনকৈ আহিছে অতিথিও ৷ সাজি-কাচি দৰাৰ বাবে সাজু হৈছে কইনাও ৷ কইনাৰ সখীকেইজনীও ব্যস্ত, কি পিন্ধিব, কেনেকৈ কৰিব ৰূপসজ্জা ?

ইফালে ৰন্ধাই ৰান্ধিছে, খোৱাই খাইছে ৷ আন কোনোবাজন আকৌ ব্যস্ত কইনাৰ লগত দিব লগা বয়-বস্তু বন্ধাত ৷ কাৰোৰে যেন মূৰ তুলিবলৈ আহৰিয়েই নাই ৷ সকলো ব্যস্ত নিজ নিজ কৰ্মত ৷

কালমা পঢ়াবলৈ লওঁতেই ভাঙিল নিকাহ, কইনা অবিহনেই উভতিল বৰযাত্ৰী

আমি ক’বলৈ লোৱা এই বিশেষ নিকাহখন হৈছে উত্তৰাখণ্ডৰ নাইনিতাল জিলাৰ লালকুয়াং কোতৱালী অঞ্চলৰ ৷

দিন আছিল শনিবাৰ ৷ লাহে লাহে সময় হ’ল দৰা অহাৰ ৷ নিৰ্দিষ্ট সময়ত কইনাক নিবলৈ বেণ্ডপাৰ্টি বজাই দৰা আহিল ৷ অতি আদৰ-সাদৰেৰে কইনাৰ ঘৰৰ মানুহে ৰভাতলিলৈ আদৰি আনিলে দৰাক ৷ ইমানখিনিলৈ সকলো ঠিকেই আছিল ৷ কিন্তু হঠাৎ ৰভাতলিত লাগিল হুলস্থূল ৷

দৰা-কইনাক মৌলবীয়ে কালমা পঢ়াবলৈ লওঁতেই কইনাৰ ভনীয়েকে লগালে হুলস্থূল ৷ মৌলবীক নিকাহৰ সকলো কাম বন্ধ কৰিবলৈ কইনাৰ ভনীয়েকে দাবী জনায় (Bride refused marry in Uttarakhand) ৷ কিয়নো কইনাৰ ভনীয়েকৰ অভিযোগ, দৰাৰ বয়স হৈছে ৷ লগতে দৰাৰ ভৰিৰ সমস্যা আছে ৷ যাৰ বাবে দৰাই ভালদৰে খোজ কাঢ়িব নোৱাৰে ৷

তাৰ পাচতে হাঁহি-ধেমালিত মতলীয়া হৈ থকা ৰভাতলিত হঠাৎ সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ ৷ খবৰ দিয়া হয় আৰক্ষীক ৷ খবৰ পোৱা মাত্ৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ অৱশেষত উপায়ন্তৰ হৈ কইনা অবিহনেই উভতিব লগা হয় বৰযাত্ৰী ৷

লগতে পঢ়ক :মহিলা অধিবক্তাই সুৰক্ষা কৰ্মীক মুকলিকৈ অপদস্ত কৰাৰ ভিডিঅ' ভাইৰেল

Last Updated : Aug 21, 2022, 7:24 PM IST

ABOUT THE AUTHOR

...view details