নেশ্যনেল ডেস্ক, ১৬ আগষ্ট: নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকাৰ পাছতো পশ্চিমবংগ(West Bengal)ৰ নিউ জলপাইগুৰি ৰে'ল ষ্টেচন(New Jalpaiguri railway station)ত উদ্ধাৰ হ'ল বোমা । দেওবাৰে ৰে'ল ষ্টেচনটোৰ প্ৰৱেশদ্বাৰত বোমা উদ্ধাৰ হয় । নিৰাপত্তা বাহিনীয়ে বোমা থকাৰ বিষয়ে তথ্য লাভ কৰাৰ পাছতে বোমা নিস্ক্ৰিয়কাৰী দলক খবৰ দিয়ে । পিছত নিস্ক্ৰিয়কাৰী দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ বোমাটো নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয় ।
বোমাটো দেশত নিৰ্মিত হয় নে নহয় সেয়া পৰীক্ষা কৰি থকা হৈছে । ঘটনা সংক্ৰান্তত জনসাধাৰণক আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি আশ্বাস দিছে নিৰাপত্তা বাহিনীয়ে । নিউ জলপাইগুৰি ষ্টেচনৰ ৰে'ল আৰক্ষী বাহিনীৰ সহকাৰী নিৰাপত্তা আয়ুক্ত এ জি ফাৰুকে সাংবাদিকক জনায় যে, নিৰাপত্তা ব্যৱস্থা কঠোৰ আছিল বাবে দুৰ্বৃত্তই বোমাটো লৈ ৰে'ল ষ্টেচনৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিলে । অৱশ্যে বোমা উদ্ধাৰৰ পাছতে উক্ত স্থানত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে ।