অসম

assam

ETV Bharat / bharat

Bihar boat capsized : বিহাৰৰ বাগমতী নদীত শিক্ষাৰ্থীভৰ্তি নাও দুৰ্ঘটনাগ্ৰস্ত - Muzaffarpur boat capsized

মুজাফ্ফৰপুৰত নাও দুৰ্ঘটনা । বাগমতী নদীত শিক্ষাৰ্থীভৰ্তি নাওখন ডুব যায় । প্ৰায় ২০ গৰাকী শিক্ষাৰ্থী উদ্ধাৰ হৈছে । বাকীসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে ।

Bihar boat capsized
বিহাৰৰ বাগমতী নদীত শিক্ষাৰ্থীভৰ্তি নাও দুৰ্ঘটনাত পতিত

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 5:34 PM IST

নেশ্যনেল ডেস্ক,১৪ ছেপ্টেম্বৰ :বিহাৰৰ মুজাফ্ফৰপুৰৰ নাও দুৰ্ঘটনাক লৈ দেশত তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে । বিহাৰৰ মুজাফ্ফৰপুৰৰ বেনিৱাড অ'পি অঞ্চলৰ মধুৰপট্টি ঘাটত নাওখন দুৰ্ঘটনাত পতিত হৈছে । যাত্ৰীভৰ্তি নাওখন নদীৰ মাজতে ডুব যায় । নাওখনত প্ৰায় ৩০ গৰাকী শিক্ষাৰ্থী আছিল বুলি জানিব পৰা গৈছে । নাও দুৰ্ঘটনাৰ পাছত অঞ্চলটোত বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে । এতিয়ালৈকে ২০ গৰাকী শিক্ষাৰ্থীক উদ্ধাৰ কৰা হৈছে যদিও বহু শিক্ষাৰ্থী এতিয়াও সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে ।

প্ৰশাসনে জনোৱা মতে বেনিৱাড অ'পি অঞ্চলৰ মধুৰপট্টি ঘাটত শিক্ষাৰ্থীভৰ্তি নাও এখন দুৰ্ঘটনাগ্ৰস্ত হয় । নাও দুৰ্ঘটনাৰ খবৰ পোহৰলৈ অহাৰ পাছতে স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হয় । লগে লগে গাঁওখনত হুলস্থূল পৰিৱেশৰ সৃষ্টি হয় । দুৰ্ঘটনাটোৰ পাছত, কেইবাগৰাকী শিক্ষাৰ্থীয়ে সাঁতুৰি জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় । নাও দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে বেনিৱাড থানাৰ আৰক্ষী, এছডিআৰএফ আৰু এনডিআৰএফৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । ৰাজ্যখনৰ সকলোৰে এটাই প্ৰাৰ্থনা যাতে বাকীসকল শিক্ষাৰ্থীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিব পৰা যায় ।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । বিষয়টোক তদন্তৰ বাবে ইতিমধ্যে জিলা উপায়ুক্তক তেওঁ নিৰ্দেশ দিছে । ভুক্তভোগী পৰিয়ালসকলকো সাহায্য প্ৰদানৰ বাবে তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিছে ।

উল্লেখ্য যে বেছিভাগ ক্ষেত্ৰতে নাৱৰগৰাকীয়ে অধিক টকা উপাৰ্জন আশাত ক্ষমতাতকৈ অধিক যাত্ৰী লৈ যাত্ৰা কৰে । যাৰ ফলত বহুসময়ত অভাৰলোডিঙৰ বাবে দুৰ্ঘটনা সংঘটিত হয় । যাৰ বাবে বিষয়টো বৰ্তমান তদন্তৰ অধীনত আছে । অৱশ্যে কি কাৰণত দুৰ্ঘটনাটো সংঘটিত হৈছিল সেয়া তদন্তৰ প্ৰতিবেদনৰ পাছত হে জানিব পৰা যাব । ইফালে নেপালে পানী এৰি দিয়াৰ ফলত বাগমতী নদীৰ জলস্তৰ যথেষ্ট বৃদ্ধি পাইছে । বাগমতী বিপদসীমাৰ ওপৰেৰে বৈছে । তথাপিও, শিক্ষাৰ্থীভৰ্তি নাওখনে যাত্ৰা কৰিছিল । নাওখনত থকা সকলো স্কুলীয়া শিক্ষাৰ্থী আছিল ।

লগতে পঢ়ক :Theft in india: আশ্চৰ্যকৰ ! পত্নীৰ বেশ ধৰি চোৰে লুটিলে ধন

ABOUT THE AUTHOR

...view details