অসম

assam

Blast outside expelled BJP leader's : মণিপুৰত বহিষ্কৃত বিজেপি নেতাৰ বাসগৃহত বিস্ফোৰণ

By

Published : Mar 5, 2022, 11:25 AM IST

মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ (Manipur Assembly Election 2022) দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ভয়ংকৰ বোমা বিস্ফোৰণ । বহিষ্কৃত বিজেপি নেতা চোংথাম বিজয়ৰ বাসগৃহত বোমা বিস্ফোৰণ । দুচকীয়া বাহনত অহা দুৰ্বৃত্তই নেতাগৰাকীৰ বাসগৃহলৈ লক্ষ্য কৰি বোমা নিক্ষেপ কৰে । ঘটনাৰ তদন্ত আৰম্ভ ।

Manipur blast
মণিপুৰত বহিষ্কৃত বিজেপি নেতাৰ বাসগৃহত বিস্ফোৰণ

নেশ্যনেল ডেস্ক, ৫ মাৰ্চ :মণিপুৰ বিধানসভা নিৰ্বাচন (Manipur Assembly Election 2022) চলি আছে । শনিবাৰে পুৱাৰে পৰা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে । কিন্তু ভোটগ্ৰহণ আৰম্ভ হোৱাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে ইম্ফল পশ্চিম জিলাৰ লাম্ফেলত সংঘটিত হৈছে বোমা বিস্ফোৰণ (Blast in Manipur)। চোংথাম বিজয় নামৰ বিজেপিৰ পৰা বহিষ্কৃত নেতাৰ বাসগৃহত এই ভয়ংকৰ বোমা বিস্ফোৰণ (Bomb blast at residence of Chongtham Vijay)।

জানিব পৰা মতে কোনো দুৰ্বৃত্তই স্থানীয়ভাৱে হস্ত নিৰ্মিত বোমা (crude bomb) নেতাগৰাকীৰ বাসগৃহলৈ নিক্ষেপ কৰিছে । আৰক্ষীয়ে জনোৱা মতে শুকুৰবাৰে নিশা দুচকীয়া বাহনত অহা দুজনীয়া দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰে । মাস্ক পৰিধান কৰা দুৰ্বৃত্তই বোমা নিক্ষেপ কৰি সেই স্থানৰ পৰা পলায়ন কৰে । অৱশ্যে এই বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই ।

উল্লেখ্য যে দলীয় অনুশাসন ভংগৰ অভিযোগত যোৱা মাহত ছয় বছৰৰ বাবে গেৰুৱা দলৰ পৰা বহিষ্কৃত হৈছিল চোংথাম বিজয় । বাসগৃহত এনেদৰে বোমা বিস্ফোৰণ হোৱাৰ পাছতে নিজৰ জীৱনৰ সুৰক্ষাক লৈ শংকিত হৈ পৰিছে নেতাগৰাকী ।

ৰাজনৈতিকভাৱে তেওঁক নিঃশেষ কৰাৰ উদ্দেশ্যে কোনোৱে এনেদৰে এই আক্ৰমণ কৰিছে বুলি তেওঁ সন্দেহ কৰে । ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ইফালে মণিপুৰৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ শনিবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ।

লগতে পঢ়ক :Manipur Election 2022 : আজি মণিপুৰত ভাগ্য নিৰ্ণয় হ’ব 92 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

For All Latest Updates

ABOUT THE AUTHOR

...view details