নেশ্যনেল ডেস্ক, 14 জুলাই :সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিজেপিৰ সংসদীয় দলৰ কাৰ্যবাহী বৈঠক 18 জুলাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷ তেওঁলোকৰ মতে, একেদিনাই নেশ্যনেল ডেম’ক্ৰেটিক এলায়েঞ্চৰ (NDA) মজিয়াৰ নেতাসকলৰ এখন পৃথক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ১৯ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ বাবে দলৰ ৰণনীতিৰ ওপৰত আলোচনা কৰিবলৈ মঙলবাৰে জ্যেষ্ঠ বিজেপি নেতাসকলে মিলিত হোৱাৰ এদিন পিছত এই তথ্য পোহৰলৈ আহিছে ৷
সূত্ৰই জনায় যে, বৈঠকখন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ (Rajnath Sing) বাসগৃহত অনুষ্ঠিত হৈছিল ৷ ইয়াত বিজেপিৰ জ্যেষ্ঠ নেতা জে পি নাড্ডা (JP Nadda), কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah), ধৰ্মেন্দ্ৰ প্ৰধান, ভূপেন্দ্ৰ যাদৱ, প্ৰহ্লাদ যোশী, অৰ্জুন ৰাম মেঘৱাল উপস্থিত আছিল । বিজেপিৰ 20 জন আন জ্যেষ্ঠ নেতা বৈঠকত উপস্থিত থাকে ।