নেশ্যনেল ডেস্ক, ১৭ জুলাই :তৃণমূল কংগ্ৰেছৰ (Trinamool Congress) বিভিন্ন পদক্ষেপক অনুসৰণ কৰি পশ্চিমবংগত ৰাইজৰ কাষ চাপিবলৈ বিজেপিয়েও আৰম্ভ কৰিছে কিছুমান বিশেষ নীতি । পশ্চিমবংগৰ বিজেপি গোটে এইবাৰ ৰাজ্যখনত আৰম্ভ কৰিছে 'বিধায়োক্কে বোলো' (আপোনাৰ বিধায়কৰ সৈতে কথা পাতক) শীৰ্ষক এক অভিযান । ৰাজ্যখনৰ ৭৫ গৰাকী বিজেপি বিধায়কক তেওঁলোকৰ হোৱাটছ এপ নম্বৰ মুকলি কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় নেতৃত্বই । যাতে সৰ্বসাধাৰণ ৰাইজে তেওঁলোকৰ অভিযোগসমূহ অতি সহজে বিধায়কক অৱগত কৰিব পাৰে ।
এই অভিযান দলটোৰ তথ্য প্ৰযুক্তি কোষৰ ৰাষ্ট্ৰীয় ভাৰপ্ৰাপ্ত বিষয়া অমিত মালৱীয়ৰ (Amit Malviya) তত্বাৱধানত আৰম্ভ কৰা হৈছে । পশ্চিমবংগ বিধানসভাৰ বিজেপিৰ মুৰব্বী মনোজ টিগ্গাই (Manjoj Tigga) এই অভিযান সন্দৰ্ভত কয় যে ৭৫ গৰাকী বিধায়কক পৃথক হোৱাটছ এপ গ্ৰুপ আৰম্ভ কৰিবলৈ কোৱা হৈছে । ইয়াৰ জৰিয়তে সংশ্লিষ্ট সমষ্টিৰ ভোটাৰসকলে তেওঁলোকৰ বিধায়কসকলৰ সৈতে পোনপটীয়াকৈ তেওঁলোকৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰিব । লগতে প্ৰতিজন বিধায়কক অভিযোগ লাভ কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত সমাধান সূত্ৰ বিচাৰি উলিওৱাৰ লগতে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।