নিউজ ডেস্ক, ১ মাৰ্চ :নাগালেণ্ড বিধানসভাৰ ৬০ জনীয়া সদস্যৰ ৫৯ জনক নিৰ্বাচিত কৰিবলৈ সোমবাৰে অনুষ্ঠিত হয় নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন (Nagaland Legislative Assembly elections 2023) । উল্লেখ্য, ৰাজ্যখনৰ আকুলুটো বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কাঝেটো কিনিমীয়ে তেওঁৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী খেকাছে চুমীয়ে মাহটোৰ আৰম্ভণিতে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পিছত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হয় ।
ত্ৰিপুৰা, মেঘালয়ৰ লগতে নাগালেণ্ড বিধানসভাৰ ভোটগণনা 2 মাৰ্চ বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব (vote counting of Nagaland Assembly Election 2023) । নাগালেণ্ড বিধানসভাৰ কাৰ্যকাল ১২ মাৰ্চত অন্ত পৰিব । পূৰ্বৱৰ্তী বিধানসভা নিৰ্বাচন ২০১৮ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল । উক্ত নিৰ্বাচনৰ পিছত নেচনেলিষ্ট ডেম'ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টী (Nationalist Democratic Progressive Party, NDPP) আৰু ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) মিত্ৰজোঁটে ৰাজ্যখনত চৰকাৰ গঠন কৰে (BJP NDPP coalition govt of Nagaland) । এনডিপিপিৰ ছুপ্ৰিমো নেফিউ ৰিঅ'ই তেওঁৰ ৰাজনৈতিক কেৰিয়াৰত চতুৰ্থবাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হয় (Nagaland CM Neiphiu Rio) । ২০১৮ চনৰ নিৰ্বাচনত বিজেপিয়ে ৰাজ্যখনৰ স্থানীয় সহযোগী নাগা পিপলছ ফ্ৰণ্টৰ (Naga People's Front, NPF) সৈতে সম্পৰ্ক ছিন্ন কৰি চৰকাৰ গঠন কৰে । অৱশ্যে এনপিএফে নিৰ্বাচনত একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰে ।
আনহাতে, 2022 চনৰ এপ্ৰিলত এনপিএফৰ 21 জন বিধায়কে এনডিপিপিত যোগদান কৰে । যাৰ ফলত এনপিএফৰ শক্তি 4 লৈ হ্ৰাস হয় । ইফালে ২০২২ চনৰ নৱেম্বৰত কোহিমা, ৱোখা আৰু পেৰেনৰ তিনিজন বিজেপি জিলা সভাপতিয়ে জেডি(ইউ)ত যোগদান কৰে । যাৰ ফলত বিজেপিয়ে এক ডাঙৰ জোকাৰণিৰ সন্মুখীন হ'বলগা হয় । বিজেপি আৰু এনডিপিপিয়ে ২০২২ চনৰ জুলাইত ২০২৩ চনৰ নিৰ্বাচনৰ বাবে তেওঁলোকৰ মিত্ৰতা ঘোষণা কৰে আৰু চলিত বছৰৰ ২ ফেব্ৰুৱাৰীত আসন বুজাবুজি কৰে ।
বিজেপি আৰু এনডিপিপি দুয়োটা দলেই একেদিনাই তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰে । ২২ জানুৱাৰীত জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত জনতা দলে (ইউনাইটেড) ঘোষণা কৰে যে তেওঁলোকে কোনো ৰাজনৈতিক দলৰ সৈতে কোনো প্ৰাক-নিৰ্বাচনী আসন ভাগ-বতৰাৰ মিত্ৰতাত অংশগ্ৰহণ নকৰে । অৱশ্যে দলটোৱে সমমনোভাবাপন্ন দলবোৰৰ সৈতে নিৰ্বাচনোত্তৰ মিত্ৰতাৰ বাবে সাজু থাকিব বুলি উল্লেখ কৰে । ২০২২ চনৰ ২৯ জানুৱাৰীত নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা প্ৰথম ৰাজনৈতিক দলসমূহৰ ভিতৰত জেডি(ইউ) অন্যতম আছিল ।