নিউজ ডেস্ক, 1 জুলাই : হায়দৰাবাদত শনিবাৰৰ পৰা আৰম্ভ হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ দুদিনীয়া বৈঠক (BJP national executive meeting in Hyderabad)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকৰ সকলো অধিবেশনত অংশগ্ৰহণ কৰিব বুলি শুকুৰবাৰে দলৰ এগৰাকী শীৰ্ষ নেতাই প্ৰকাশ কৰিছে । ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘে কয় যে, হায়দৰাবাদত ১৮ বছৰৰ পাছত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক অনুষ্ঠিত হৈ আছে । ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকৰ পূৰ্বে শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হয় সাধাৰণ সম্পাদকৰ বৈঠক (PM Modi will attend BJP national executive meeting)।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই সাধাৰণ সম্পাদকৰ বৈঠকৰ অধ্যক্ষতা কৰে । কাইলৈ পুৱা দলৰ ভবিষ্যত কৌশল সম্পৰ্কে আলোচনা কৰিবলৈ ৰাষ্ট্ৰীয় বিষয়ববীয়া সকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব ৷ এই বৈঠকত ৩৪০ জন প্ৰতিনিধি উপস্থিত থাকিব, য'ত আছে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰী আদি ৷ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো অংশগ্ৰহণ কৰিব এই বৈঠকত । সন্ধিয়া আৰম্ভ হ’ব ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক ।
প্ৰধানমন্ত্ৰী মোদী সকলো অধিবেশনত উপস্থিত থাকিব আৰু কৰ্মীসকলৰ লগত থাকিব বুলি শুকুৰবাৰে চুঘে কয় । ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক সমাপ্তিৰ পিছত ৩ জুলাই সন্ধিয়া হায়দৰাবাদৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা সভাত ভাষণ দিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ এই উদ্দেশ্য অনুষ্ঠিত হ’ব লগীয়া ‘বিজয় সংকল্প ৰেলী’ত তেলেংগানাই অংশগ্ৰহণ কৰিব বুলি চুঘে কয় (BJP NEC meeting after 18 years )।