অসম

assam

ETV Bharat / bharat

Bidhuri remarks row: সদনত বিজেপি সাংসদ বিধুৰীৰ মুখত অপমানসূচক শব্দ; সুৰক্ষাৰ ঢাল পাতিছে নিশিকান্ত ডুবেয়ে - BSP MP Ali amidst Bidhuris remarks controversy

বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে লোকসভাত বিএছপি সাংসদ দানিশ আলীক লক্ষ্য কৰি আপত্তিজনক মন্তব্য আগবঢ়োৱা সন্দৰ্ভত বিতৰ্ক অব্যাহত থকাৰ সময়তে শনিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতা নিশিকান্ত ডুবেই এই সন্দৰ্ভত আগবঢ়ায় প্ৰতিক্ৰিয়াৰ ৷ আলীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 'নীচ' বুলি কোৱাৰ বাবেহে তেওঁৰ সতীৰ্থ সাংসদগৰাকীয়ে উচ্চ বাক্যবাণ কৰিছিল বুলি মন্তব্য বিজেপি সাংসদগৰাকীৰ ৷

Bidhuri remarks row
বিজেপি সাংসদ ৰমেশ বিধুৰী

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 11:00 AM IST

নেশ্যনেল ডেস্ক, 24 ছেপ্টেম্বৰ:লোকসভাত বিজেপি সাংসদ দানিশ আলীক লক্ষ্য কৰি বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে কৰা আপত্তিজনক মন্তব্যৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ বিতৰ্ক অব্যাহত থকাৰ সময়তে শনিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতা নিশিকান্ত ডুবেই কয় যে, মুছলমান সাংসদগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 'নীচ' বুলি কোৱাৰ বাবেহে তেওঁৰ সতীৰ্থ সাংসদগৰাকীয়ে উচ্চ বাক্যবাণ কৰিছিল ৷

ডুবেই কয়, "তেওঁ (বিধুৰীয়ে) ব্যৱহাৰ কৰা শব্দবোৰ গ্ৰহণযোগ্য নহয় । এই সকলোবোৰ সংঘটিত হোৱাৰ সময়ত মই সংসদত উপস্থিত আছিলো । বিএছপিৰ সাংসদ দানিশ আলীয়ে প্ৰধানমন্ত্ৰী মোদীক 'নীচ' বুলি বাৰাম্বাৰ সম্বোধন কৰিলে । যদি আপুনি প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য আগবঢ়ায় তেন্তে নিশ্চিতভাৱে এনে প্ৰতিক্ৰিয়াৰে সৃষ্টি হ’ব " ডুবেয়ে কয় ।

ইফালে, বিজেপিৰ সাংসদ ডুবেয়ে ওম বিৰলালৈ এখন পত্ৰ লিখি তদন্ত সমিতি গঠন কৰিবলৈ আহ্বান জনাইছে ।

এই সন্দৰ্ভত ডুবেয়ে কয়, "মই লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ এখন পত্ৰ লিখি দানিশ আলীৰ মন্তব্য আৰু সেইদিনা আলোচনাৰ সময়ত বিভিন্ন সদস্যই কৰা বক্তব্যৰ লগতে ভগৱান ৰামৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন কৰা সৌগাত ৰায়ৰ ভাষণকে ধৰি অন্যান্য বিষয়বোৰৰ তদন্তৰ বাবে এখন তদন্ত সমিতি গঠন কৰিবলৈ অনুৰোধ জনাইছো ।"

বৃহস্পতিবাৰে লোকসভাত ডুবেই কয়, ‘যদি বিধুৰীয়ে কোনো অনুচিত কাম কৰিছে, তেন্তে মোৰ দৃষ্টিত দানিছ আলীকে ধৰি অন্যান্য সন্মানীয় সদস্যসকলেও সম্প্ৰদায়সমূহৰ মাজত শত্ৰুতা বিয়পোৱাত অৰিহণা যোগাইছে । আনহাতে, বিধুৰীৰ বিৰুদ্ধে যদিহে কোনো ব্যৱস্থা লোৱা নহয় তেনেহ'লে বিএছপিৰ সাংসদ দানিশ আলীয়ে সদনৰ সদস্যপদ ত্যাগ কৰাৰ কথা বিবেচনা কৰিব । আনহাতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই সন্দৰ্ভত কঠোৰ পদক্ষেপ লোৱাৰ আশ্বাস প্ৰদান কৰিছে ।

লগতে পঢ়ক :Bidhuri remarks row : বিএছপিৰ সাংসদক দুৰ্ব্যৱহাৰ, বিজেপি সাংসদক নিলম্বনৰ দাবী বিৰোধীৰ

ABOUT THE AUTHOR

...view details