নেশ্যনেল ডেস্ক,১৬ জুলাই :মধ্য প্ৰদেশত চাঞ্চল্যকৰ ঘটনা । দুই ভগ্নীক অপহৰণ আৰু পাচত ধৰ্ষণৰ অপচেষ্টা । ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ৩ জনক আটক । অভিযুক্ত এজন পলাতক । পলাতক অভিযুক্তৰ বিৰুদ্ধে ১০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা । বিজেপি নেতাৰ পুত্ৰৰ নামো আছে এজাহাৰত ।
জানিব পৰা মতে শুকুৰবাৰে আবেলি মধ্য প্ৰদেশৰ দাতিয়া জিলাত সংঘটিত হৈছে এই ঘটনা । অভিযোগ অনুসৰি ভুক্তভোগী যুৱতী আৰু তেওঁৰ ভগ্নীক চাৰিজন লোকে অপহৰণ কৰি লৈ যায় । আৰক্ষী অধীক্ষক প্ৰদীপ শৰ্মাই কোৱা মতে অভিযুক্তকেইজনে দুয়োকে এটা ঘৰলৈ লৈ যায় । য'ত তেওঁলোকে ডাঙৰ ভগ্নীক ধৰ্ষণ কৰে । ঘটনাটোৰ পাচতে ভুক্তভোগী যুৱতীগৰাকী আৰু তেওঁ ভগ্নী ঘৰলৈ উভতি আহে আৰু ভুক্তভোগী যুৱতীগৰাকীয়ে আত্মহত্যাৰ চেষ্টা কৰে ।
যুৱতীগৰাকীক পাচত সমীপৰ উত্তৰ প্ৰদেশৰ ঝান্সিৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আৰক্ষী অধীক্ষকগৰাকীৰ মতে এজাহাৰত উল্লেখ কৰা মতে অভিযুক্তকেইজনে যুৱতীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল । ঘটনাটোৰ পাচতে ভুক্তভোগীৰ ভনীয়েকে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে ।
ঘটনাটোৰ পাচত বহু লোকে আৰক্ষী থানা ঘেৰাও কৰে । উচিত তদন্তৰ লগতে দোষীক শাস্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে । অৱশ্যে উত্তপ্ত প্ৰতিবাদকাৰীসকল পাচত শান্ত হয় । অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি (আইপিচি) ধাৰা ৩৭৬ ডি, ৩৫৪, ৩৪২ আৰু POCSO আইনৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জনাইছে ।