অসম

assam

ETV Bharat / bharat

ভৱানীপুৰ উপ-নিৰ্বাচন : তৃণমূল কংগ্ৰেছে বুথ দখল কৰাৰ অভিযোগ বিজেপিৰ - ভৱানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰেৱাল

বৃহস্পতিবাৰে পশ্চিমবংগ(West Bengal)ৰ তিনিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন(By-polls) । ভৱানীপুৰ, সমছেৰগঞ্জ আৰু জংগীপুৰত উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে । ভৱানীপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী(Mamata Benarjee)য়ে । সেয়ে, সমষ্টিটোৰ ওপৰত দৃষ্টি নিৱদ্ধ হৈ আছে সকলোৰে ।

BJP alleges booth capturing being attempted by TMC
তৃণমূল কংগ্ৰেছে বুথ দখল কৰাৰ অভিযোগ বিজেপিৰ

By

Published : Sep 30, 2021, 11:12 AM IST

নেশ্যনেল ডেস্ক, ৩০ ছেপ্টেম্বৰ: পশ্চিমবংগত উপ-নিৰ্বাচন(By-polls) অনুষ্ঠিত হোৱা দিনটোতো অন্ত পৰা নাই বিবাদ । বৃহস্পতিবাৰে ৰাজ্যখনৰ ভৱানীপুৰ, সমছেৰগঞ্জ আৰু জংগীপুৰত অনুষ্ঠিত কৰা হৈছে উপ-নিৰ্বাচন । কিন্তু বৃহস্পতিবাৰে ভোটগ্ৰহণ চলি থকাৰ মাজতে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিলে ভৱানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰেৱালে(Priyanka Tibrewal) ।

টিব্ৰেৱালে অভিযোগ তুলিছে যে, তৃণমূল কংগ্ৰেছে(Trinamool Congress) ৭২ নং ৱাৰ্ডৰ এটা ভোটকেন্দ্ৰত উদ্দেশ্য প্ৰণোদিতভাৱে ভোটিং মেচিন বন্ধ কৰি বুথটো দখল কৰাৰ প্ৰয়াস কৰিছে । সমষ্টিটোৰ উক্ত ভোটকেন্দ্ৰটো পৰিদৰ্শন কৰিবলৈ কেন্দ্ৰটোত উপস্থিত হৈছিল টিব্ৰেৱাল ।

সংবাদ মাধ্যমৰ আগত প্ৰিয়ংকা টিব্ৰেৱালে কয় যে, তৃণমূল কংগ্ৰেছৰ মদন মিত্ৰই ইচ্ছাকৃতভাৱে ইয়াত ভোটিং মেচিন বন্ধ কৰি দিছে । মদন মিত্ৰই বুথটো দখল কৰিব বিচাৰিছিল বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ।

উল্লেখ্য যে, ভৱানীপুৰ সমষ্টিৰ উপ-নিৰ্বাচন এইবাৰ সন্মানৰ যুঁজ হিচাপে পৰিগণিত হৈছে । কাৰণ ভৱানীপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে(Mamata Benarjee) ৷ সেয়ে সমষ্টিটোৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে ।

লক্ষণীয়ভাৱে চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত নন্দীগ্ৰাম সমষ্টিত বিজেপি নেতা সুভেন্দু অধিকাৰীৰ বিৰুদ্ধে মমতা বেনাৰ্জীয়ে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছিল । ইয়াৰ পিছত পশ্চিমবংগৰ প্ৰাক্তন কৃষি মন্ত্ৰী সোভান্দেৱ চট্টোপাধ্যায়ে চলিত বৰ্ষৰ মে' মাহত দল ত্যাগ কৰাৰ পাচত ভৱানীপুৰ বিধানসভা আসনখন খালী হৈ পৰে । ইয়াৰ পাচতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভৱানীপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয় ৷

আনহাতে, ভাৰতীয় জনতা পাৰ্টীয়ে তৃণমূল কংগ্ৰেছৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে ৪১ বছৰীয়া প্ৰিয়ংকা টিব্ৰেৱেলক প্ৰাৰ্থিত্ব প্ৰদান কৰে । পেছাত এগৰাকী উকীল, প্ৰিয়ংকা টিব্ৰেৱেল হৈছে বিজেপি যুৱ মৰ্চাৰ পশ্চিমবংগ গোটৰ উপ-সভানেত্ৰী । তেওঁ ৰাজ্যখনত নিৰ্বাচনোত্তৰ হিংসাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল । লক্ষণীয়ভাৱে উচ্চ ন্যায়ালয়ে বিধানসভা নিৰ্বাচনৰ পিছত পশ্চিমবংগত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত চিবিআই তদন্তৰ নিৰ্দেশ দিছে ।

উল্লেখ্য যে, মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে বিধানসভা নিৰ্বাচনত ২৯৪ খন আসনৰ ভিতৰত ২১৩ খন আসন লাভ কৰি নিৰ্বাচনত বিপুল জয় লাভ কৰে । বিধানসভা নিৰ্বাচনত বিজেপি পিছপৰি ল'বলগীয়া হৈছিল । কিন্তু ৭৭ খন আসন লাভ কৰি বিৰোধী দল হিচাপে আত্মপ্ৰকাশ কৰিছিল ভাৰতীয় জনতা পাৰ্টীয়ে । উপ-নিৰ্বাচনৰ ফলাফল বিশেষকৈ ভৱানীপুৰ সমষ্টিৰ নিৰ্বাচনী ফলাফলক লৈ উৎসুকতা বৃদ্ধি পাইছে ।

লগতে পঢ়ক: ফেৰী দুৰ্ঘটনাত নিহত ইন্দ্ৰেশ্বৰ বৰাৰ বাসগৃহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details