নেশ্যনেল ডেস্ক, 9 ডিচেম্বৰ : তামিলনাডুৰ নীলগিৰি জিলাৰ কুন্নুৰত বুধবাৰে হেলিকপ্তাৰ দুৰ্ঘটনা(Coonoor helicopter Crash) ত পতিত হৈ অকাল মৃত্যুক আঁকোৱালি লয় জেনেৰেল বিপিন ৰাৱাটে (Bipin Rawat Chopper Crash)৷ এই ঘটনা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Defence Minister Rajnath Singh) বৃহস্পতিবাৰে সংসদত বক্তৃতা প্ৰদান কৰিব ।
উল্লেখ্য যে, বুধবাৰে সংঘটিত হেলিকপ্তাৰ দুৰ্ঘটনাত ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা প্ৰধান জেনেৰেল বিপিন ৰাৱাট (Bipin Rawat Chopper Crash), পত্নী ড৹ মধুলিকা ৰাৱাটসহ ১৩ জন লোক নিহত হৈছিল ।
লগতে চাওক:CDS General Bipin Rawat passed away : আজি দিল্লীলৈ অনা হ’ব ৰাৱাট দম্পতীৰ নশ্বৰদেহ
এক বিশেষ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে পুৱা ১১.১৫ বজাত লোকসভাত আৰু তাৰপিছত ৰাজ্যসভাত বক্তৃতা প্ৰদান কৰিব ৷
বুধবাৰে হেলিকপ্তাৰ দুৰ্ঘটনাৰ প্ৰাণ হেৰুওৱা জেনেৰেল ৰাৱাটৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ তেওঁ কয়, ‘‘বায়ু সেনাৰ হেলিকপ্তাৰ দুৰ্ঘটনাত প্ৰিয়জনক হেৰুওৱা পৰিয়ালবোৰলৈ মই সমবেদনা জ্ঞাপন কৰিছো । প্ৰতিৰক্ষা প্ৰধান জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীৰ লগতে আন ১১ গৰাকী সশস্ত্ৰ বাহিনীৰ কৰ্মীয়ে এই হেলিকপ্তাৰ দুৰ্ঘটনাত অকাল মৃত্যুক আঁকোৱালি লোৱাত মই দুখ অনুভৱ কৰিছো’’ ।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ অকাল মৃত্যু সশস্ত্ৰ বাহিনী তথা সমগ্ৰ দেশৰ বাবেই এক অপূৰণীয় ক্ষতি । জেনেৰেল বিপিন ৰাৱাটে অসাধাৰণ সাহসেৰে দেশৰ হকে সেৱা আগবঢ়াইছিল ৷ প্ৰথম চিডিএছ হিচাপে তেওঁ সশস্ত্ৰ বাহিনীৰ একত্ৰীকৰণৰ বাবে বহু পৰিকল্পনা প্ৰস্তুত কৰিছিল ।
লগতে পঢ়ক :Chopper Crash timeline : চুলুৰৰ হেলিকপ্তাৰ দুৰ্ঘটনাৰ সময়ৰেখা