অসম

assam

By

Published : May 13, 2021, 3:41 PM IST

ETV Bharat / bharat

বিহাৰত বজ্ৰ পৰি ১৩ জনৰ মৃত্যু

বিহাৰত বজ্ৰ পৰি প্ৰাণ গ'ল ১৩ জন লোকৰ । বুধবাৰে প্ৰচণ্ড বৃষ্টিপাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হয় । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট কৰি সতৰ্কবাণী জাৰি কৰিছিল ।

Bihar tragic incident
বিহাৰত বজ্ৰপাতত ১৩ জনৰ মৃত্যু

নেশ্যনেল ডেস্ক,১৩ মে': প্ৰচণ্ড ধুমুহা-বৰষুণত তচনচ হ'ল বিহাৰৰ বিভিন্ন অঞ্চল । বুধবাৰে বজ্ৰ পৰি মৃত্যু হ'ল ১৩ জন লোকৰ । ভাগলপুৰ জিলাৰ জগদীশপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত মৃত্যুক সাৱটিলে তিনিজন লোকে আৰু আন এজন লোক অগ্নিদগ্ধ হৈ আহত হয় । জানিব পৰা মতে, চাৰিওজন ব্যক্তিয়ে গৰু চৰাবলৈ গৈছিল আৰু উভতি অহাৰ পথতে এই অঘটন সংঘটিত হয় ।

বিহাৰত বজ্ৰপাতত ১৩ জনৰ মৃত্যু

ধাৰাসাৰ বৰষুণ হোৱা বাবে আটাইকেইজনে এজোপা গছৰ তলত আশ্ৰয় লৈছিল । শ্ৰীৰাম যাদৱ, কৈলাশ যাদৱ নামৰ লোক দুজন থিতাতে নিহত হয় । আনহাতে, সুজিত কুমাৰ আৰু আনন্দ কুমাৰ নামৰ লোক দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইয়াৰে এজন লোকৰ চিকিৎসালয়তে মৃত্যু হয় ।

ইফালে, সুপৌলৰ কিষাণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ছানপাথা গাঁৱত বজ্ৰপাতত এজন যুৱকৰ মৃত্যু হয় । আনহাতে, সমস্তিপুৰ জিলাৰ চৰাইৰঞ্জন আৰক্ষী থানাৰ অধীনৰ অঞ্চলত বজ্ৰপাতত এজন শ্ৰমিকৰ মৃত্যু হয় । জানিব পৰা মতে, জিতৱাৰপুৰ কুমিৰা গাঁৱৰ নন্দলাল ৰায় নামৰ শ্ৰমিকজনে পথাৰত কাম কৰি থকা অৱস্থাতে প্ৰাণ হেৰুৱায় ।

বিহাৰত বজ্ৰপাতত ১৩ জনৰ মৃত্যু

জামুইৰ খাইৰা খণ্ডৰ নীম নৱাদা পঞ্চায়তৰ ভগৰাৰ গাঁৱত বজ্ৰপাতত এজন লোক থিতাতে নিহত হয় । মৃত ব্যক্তিজন ভগৰাৰ গাঁৱৰ বাসিন্দা কেশো যাদৱৰ পুত্ৰ ৩৫ বছৰীয়া সীতাৰাম যাদৱ । ইয়াৰ উপৰিও, জিলাখনৰ বনপোখৰা গাঁৱত বজ্ৰপাতত এগৰাকী মহিলাৰো মৃত্যু হয়। গৰু চৰাবলৈ পথাৰলৈ গৈছিল ৩৯ বছৰীয়া মহিলাগৰাকী ।

বুধবাৰে গাঁওখনৰ বহু সংখ্যক গৰুৰ মৃত্যু হয় । আনহাতে, বাংকাত ঈদ উপলক্ষে কন্যাৰ ঘৰত মিঠাই দিবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃয়ে । কন্যাৰ ঘৰলৈ গৈ থকা সময়তে প্ৰচণ্ড বৃষ্টিপাত হয় আৰু বজ্ৰপাতত তেওঁৰ মৃত্যু হয় । নালন্দা জিলাত পথাৰৰ পৰা উভতি অহা এগৰাকী মহিলাও বজ্ৰপাতত নিহত হয় ।

মুংগেৰত বজ্ৰপাতত এটি ১০ বছৰীয়া কিশোৰসহ দুজন লোক নিহত হয় আৰু ৮ জন লোক আহত হয় । আহত লোকসকলক সংগ্ৰামপুৰৰ সামূহিক স্বাস্ত্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় ।

ভগৱানপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সূৰ্যপুৰা অঞ্চলতো এজন লোকে প্ৰাণ হেৰুৱায় । মৃত ব্যক্তিজনৰ নাম ৰঘু মহাতো । তেওঁৰ মাকৈৰ খেতি কৰা পথাৰত কাম কৰিবলৈ গৈছিল । ৰাজ্যখনত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ ফলত কেইবাখনো আমৰ বাগিচা আৰু শস্য নষ্ট হয় ।

লগতে পঢ়ক: ক’ভিড 19: ভাৰতৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details