নেশ্যনেল ডেস্ক,৬ আগষ্ট :বিহাৰত এক পৈশাচিক ঘটনা সংঘটিত হৈছে । ৰাজ্যখনৰ মুংগেৰ জিলাত এগৰাকী ৮ বছৰীয়া ছাত্ৰীক ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ । ঘটনাৰ পাছতে এতিয়া সমগ্ৰ ৰাজ্যখনতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।
আৰক্ষীয়ে জনোৱা মতে কিশোৰীগৰাকীক লোমহৰ্ষকভাৱে হত্যা কৰা হৈছে । হত্যাকাৰীয়ে কিশোৰীগৰাকীৰ চকু দুটা উলিয়াই দিছে আৰু তাইৰ নখবোৰো উভালি পেলাইছে । এই লোমহৰ্ষক কাণ্ডৰ বাবে এতিয়া উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলতে ।
জানিব পৰা মতে কিশোৰীগৰাকীয়ে বুধবাৰে পিতৃৰ সৈতে মাছ ধৰিবলৈ গংগা নদীৰ পাৰলৈ গৈছিল । পিতৃৰ পৰা কিশোৰীগৰাকীয়ে ৫ টকা বিচাৰিছিল কিন্তু পিতৃয়ে দিবলৈ অমান্তি হৈছিল । পিতৃয়ে পইচা নিদিয়া কাৰণে কিশোৰীগৰাকী নাওখনৰ পৰা নামি গৈছিল । পিছত পিতৃ ঘৰলৈ উভতি আহিছিল কিন্তু কিশোৰী গৰাকী অহা নাছিল ।