নিউজ ডেস্ক, ২০ নৱেম্বৰ : বিশ্বভাৰতীৰ প্ৰাক্তন উপাচাৰ্য বিদ্যুৎ চক্ৰৱৰ্তীক সোমবাৰে পুৱা শান্তি নিকেতন আৰক্ষী থানাই প্ৰায় ৩ ঘণ্টা ধৰি জেৰা কৰে । আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, চক্ৰৱৰ্তীক চৰকাৰী বাসভৱন পূৰ্ণিমাত সোধা-পোছা কৰা হয় আৰু জেৰাৰ ভিডিঅ' ৰেকৰ্ড কৰা হৈছে । উল্লেখ্য যে বিশ্বভাৰতীৰ উপাচাৰ্য হিচাপে বিদ্যুৎ চক্ৰৱৰ্তীৰ কাৰ্যকাল ৮ নৱেম্বৰত সমাপ্ত হৈছিল ।
তেওঁৰ কাৰ্যকালত শান্তি নিকেতন আৰক্ষী থানাত তেওঁৰ বিভিন্ন সিদ্ধান্ত, মন্তব্য আৰু কাৰ্যকলাপৰ বাবে কেইবাটাও অভিযোগ দাখিল কৰা হৈছিল । এই অভিযোগৰ ভিত্তিত প্ৰায় ছয়টা গোচৰ পঞ্জীয়ন কৰা হৈছিল । শান্তি নিকেতন আৰক্ষী থানাৰ অ'চি কস্তুৰী মুখাৰ্জীৰ নেতৃত্বত আৰক্ষীয়ে প্ৰাক্তন উপাচাৰ্য বিদ্যুৎ চক্ৰৱৰ্তীৰ 'পূৰ্ণিমা' বাসগৃহত গৈ উপস্থিত হয় ।
উল্লেখ্য যে বিদ্যুৎ চক্ৰৱৰ্তীয়ে গোচৰৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া সুৰক্ষা বিচাৰি কলিকতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে । আদালতে স্পষ্ট কৰি দিয়ে যে তেওঁক এতিয়াই গ্ৰেপ্তাৰ কৰিব নোৱাৰিব । তাৰ পৰিৱৰ্তে চক্ৰৱৰ্তীক বাসগৃহত এঘণ্টাৰ বাবে জেৰা কৰিব পাৰে । চক্ৰৱৰ্তীক এনে তিনিটা গোচৰত প্ৰায় ৩ ঘণ্টা জেৰা কৰা হয় ।