নেশ্যনেল ডেস্ক, ১৩ ছেপ্টেম্বৰ: সোমবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে ভূপেন্দ্ৰ পেটেলে শপত গ্ৰহণ কৰে । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে ভূপেন্দ্ৰ পেটেলক শপতবাক্য পাঠ কৰোৱায় । গুজৰাটৰ ১৭ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে ভূপেন্দ্ৰ পেটেলে । বিদায়ী মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে মুখ্যমন্ত্ৰী পদৰ বাবে পেটেলৰ নাম প্ৰস্তাৱ কৰিছিল । শনিবাৰে গুজৰাটৰ গান্ধীনগৰস্থিত দলৰ মুখ্য কাৰ্যালয় বিজেপিৰ আইনী বৈঠকত পেটেলক গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
ভূপেন্দ্ৰ পেটেলেই হৈছে পাতিদাৰ উপ-গোটৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী । আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁৰ নেতৃত্বতে ৰাজ্যখনত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিব । আনন্দীবেন পেটেল মধ্য প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্ত হোৱাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ খালী হৈ থকা সমষ্টি ঘাটলোডিয়াৰ বিধায়কৰ দায়িত্ব গ্ৰহণ কৰে ভূপেন্দ্ৰ পেটেলে । ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত সৰ্বাধিক ভোটৰ ব্যৱধানত জয় লাভ কৰা প্ৰাৰ্থী হিচাপে বিবেচিত হৈছিল পেটেল । তেওঁ কংগ্ৰেছ প্ৰাৰ্থী শশীকান্ত পেটেলক এক লাখ ভোটত পৰাজিত কৰে ।