অসম

assam

By

Published : Jul 24, 2020, 9:00 PM IST

ETV Bharat / bharat

ZOOMয়ে বেংগালুৰুত স্থাপন কৰিব এটা নতুন প্ৰযুক্তি কেন্দ্ৰ

ভিডিঅ' কন্ফাৰেঞ্চিঙৰ বাবে সাম্প্ৰতিক সময়ত অধিক জনপ্ৰিয় হৈ পৰা ZOOMয়ে ভাৰতৰ বেংগালুৰুত স্থাপন কৰিব আন এটা নতুন তথ্য প্ৰযুক্তিৰ কেন্দ্ৰ । এই কথা সদৰি কৰিলে আমেৰিকাৰ পৰা নিয়ন্ত্ৰিত প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয়ে । সেয়েহে অহা কেইবছৰৰ ভিতৰত দেশৰ একাংশ প্ৰতিভাশালী যুৱক যুৱতীক নতুনকৈ নিৰ্মাণ হ'ব লগা কেন্দ্ৰটোত নিযুক্তিৰ বাবে কৰিছে চিন্তা চৰ্চা ।

Zoom to start new technology center in Bengaluru; hires new talent
ZOOMয়ে বেংগালুৰুত স্থাপন কৰিব এটা নতুন প্ৰযুক্তি কেন্দ্ৰ

নিউজ ডেস্ক, ২৪ জুলাই:এই নতুন নিযুক্তিৰ প্ৰতিশ্ৰুতিয়ে দেশত কৌশলগত ভাৱে বিনিয়োগৰ ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰিব । ইতিমধ্যে ভাৰতৰ মুম্বাইত ZOOMৰ এটা বিশাল কাৰ্যালয় থকাৰ ওপৰিও মুম্বাই আৰু হায়দৰাবাদত দুটা ডাটা চেণ্টাৰ আছে ।

ZOOMয়ে বেংগালুৰুত স্থাপন কৰিব এটা নতুন প্ৰযুক্তি কেন্দ্ৰ

প্ৰতিষ্ঠানটোৰ মতে যোৱা কেইটা মাহত ভাৰতত ZOOMৰ ব্যৱহাৰকাৰীৰ সংখ্যা পূৰ্বতকৈ অধিক হৈছে । ক'ভিড-১৯ৰ ভয়াৱহতাৰ বাবে ভিন ভিন কৰ্মৰ লগত জড়িত লোকসকলে দূৰৰ পৰাই ভিডিঅ' কন্ফাৰেঞ্চিঙৰ মাধ্যমেৰে সংলগ্ন হৈ আহিছে ।

শেহতীয়াকৈ ZOOM ব্যৱহাৰ কৰি অধিক সংখ্যকে মহামাৰী ক'ভিড আতংকৰ এই সময়চোৱাত সংলগ্ন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত আন এটা নতুন প্ৰযুক্তি কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লোৱা বুলি জনালে প্ৰতিষ্ঠানটোৱে ।

উল্লেখ্য যে,চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈকে ZOOMৰ বিনামূলীয়া ব্যৱহাৰকাৰীৰ সংখ্যা ৬৭০০ শতাংশ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছিল। অৱশ্যে প্ৰযুক্তিৰ অন্যান্য প্ৰতিষ্ঠানসমূহো ৰৈ থকা নাই যদিও শেহতীয়াকৈ হৈ যোৱা ৰিলায়েঞ্চ JIO MEET ৰ বাৰ্ষিক সাধাৰণ সভা (AGM)খন ZOOMৰ জড়িয়তে সংলগ্ন হৈ অনুষ্ঠিত কৰা হৈছিল ।

আন এক প্ৰতিদ্বন্দী ভাৰতী এয়াৰটেলে ভাৰতত ব্লু জিন(BlueJeans) নামৰ আন এক কন্ফাৰেঞ্চিঙৰ প্ৰযুক্তি মুকলি কৰিবৰ বাবে আমেৰিকাৰ পৰা নিয়ন্ত্ৰিত টেলিকম প্ৰতিষ্ঠান Verizonৰ লগত চুক্তিবদ্ধ হৈছে ।

তাৰোপৰি আমাৰ দেশত Google Meet, Cisco Webex আৰু Skype পূৰ্বৰে পৰা উপলব্ধ হৈ আহিছে ।

লগতে চাওকঃ বিশেষভাবে সক্ষম শিশুক আৰক্ষীৰ প্ৰহাৰৰ বাবে দুখ প্ৰকাশ ডিজিপিৰ

ABOUT THE AUTHOR

...view details