হায়দৰাবাদ, 15 এপ্ৰিলঃ বিহাৰৰ পৰা শ্ৰমিক হিচাপে তেলেংগানালৈ অহা এজন শ্ৰমিক এজনে আত্মহত্যা কৰে। লক ডাউনৰ ফলত ঘৰলৈ উভতিব নোৱাৰাৰ দুখতেই শ্ৰমিকজনে আত্মহত্যা কৰে বুলি আৰক্ষীয়ে জনাই ।
বিহাৰৰ লখিচৰাই জিলাৰ যুৱকজনে সোমবাৰে হায়দৰাবাদৰ উপলত ভাড়া ৰুমৰ ছিলিং ফেনত চিপ লৈ আত্মহত্যা কৰে। ৰুমটো ভিতৰৰ পৰা লক্ হৈ আছিল সেইসময়ত। দৰ্জা ভাঙি বন্ধু এজন ভিতৰলৈ যোৱাত ঘটনাৰ কথা পোহৰলৈ আহে আৰু লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষী তথা পৰিয়ালৰ লোকক খবৰ দিয়ে । দেওবাৰৰ পৰা ফোন ৰিচিভ নকৰাৰ বাবো যুৱকজনক বিচাৰি বন্ধুজন ঘৰলৈ আহিছিল ।