অসম

assam

ETV Bharat / bharat

নিৰ্বাচনী প্ৰচাৰৰ পৰা বিৰত যোগী আদিত্য নাথক দেখা গ’ল পূজা-পাৰ্ৱণত - etv bharat

মঙলবাৰৰ পৰা 72 ঘন্টা পৰ্যন্ত নিৰ্বাচনী আয়োগে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ তাৰ পাচতেই মঙলবাৰে মুখ্যমন্ত্ৰীগৰাকীক দেখা গ’ল লক্ষ্ণৌৰ হনুমান মন্দিৰত ৷ আয়োগৰ নিৰ্দেশনাক অৱলম্বন কৰি মঙলবাৰে মনোনয়ন পত্ৰ প্ৰদান কৰা ৰাজনাথ সিঙৰ নিৰ্বাচনী সমদলতো অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিল মুখ্যমন্ত্ৰীগৰাকী ৷

etv bharat

By

Published : Apr 16, 2019, 11:50 PM IST

লক্ষ্নৌ, 16 এপ্ৰিলঃ নিৰ্বাচনী আয়োগে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা ঘোষণা কৰাৰ পাচৰ দিনটোতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক দেখা পোৱা গ’ল হনুমান সেঁতু মন্দিৰত ৷ উল্লেখ্য যে, মঙলবাৰৰ পৰা 72 ঘন্টা পৰ্যন্ত নিৰ্বাচনী আয়োগে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ আয়োগৰ এই ঘোষণাৰ পাচতে মঙলবাৰে লক্ষ্ণৌৰ হনুমান সেঁতু মন্দিৰত প্ৰৱেশ কৰি ভগৱানৰ ওচৰত মূৰ দোওৱাৰ লগতে পূজাতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইফালে, পূজা সম্পন্ন কৰিয়েই যোগী আদিত্য নাথে সংবাদমাধ্যমৰ আগত কোনো ধৰণৰ মত বিনিময় নকৰাকৈয়ে মন্দিৰৰ পৰা প্ৰস্থান কৰে ৷

নিৰ্বাচনী প্ৰচাৰৰ পৰা বিৰত যোগী আদিত্য নাথক দেখা গ’ল পূজা পাৰ্ৱনত

মিৰাটৰ এক জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা সাম্প্ৰদায়িক উচতনিমূলক মন্তব্যৰ পাচতেই সোমবাৰে নিৰ্বাচনী আয়োগে নিৰ্বাচনী প্ৰচাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ প্ৰায় 20 মিনিট সময় ধৰি যোগী আদিত্য নাথে মন্দিৰত পূজা-অৰ্চনা আগবঢ়াই ৷ ইয়াৰোপৰি, আয়োগৰ নিৰ্দেশনাক অৱলম্বন কৰি মঙলবাৰে মনোনয়ন পত্ৰ প্ৰদান কৰা ৰাজনাথ সিঙৰ নিৰ্বাচনী সমদলতো অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিল মুখ্যমন্ত্ৰীগৰাকী ৷

ABOUT THE AUTHOR

...view details