অসম

assam

By

Published : Jun 24, 2020, 12:53 PM IST

ETV Bharat / bharat

চাইনীজ বিজুলী মিটাৰত নিষেধাজ্ঞা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

দেশত অব্যাহত আছে চীনা সামাগ্ৰী বহিষ্কাৰৰ অভিযান । এই ক্ষেত্ৰত এইবাৰ তৎপৰ হৈছে উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰ । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথৰ চীনা পাৱাৰ মিটাৰ বা বিজুলী মিটাৰ ব্য়ৱহাৰত নিষেধাজ্ঞা প্ৰদান । আনকি শক্তি বিভাগক বিগত বৰ্ষত দিয়া চীনা বিজুলী মিটাৰ ইত্য়াদি সামগ্ৰীৰ চুক্তি সমূহো বাতিল কৰাৰ নিৰ্দেশ ।

Yogi Adityanath bans use of Chinese power meters
Yogi Adityanath bans use of Chinese power meters

নিউজ ডেস্ক, 24 জুনঃ দেশৰ জনসাধাৰণৰ আৱেগৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰ । চীনা সামগ্ৰী বৰ্জনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ।

পূৱ লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ হাতত 20 জনকৈ ভাৰতীয় সেনা জোৱানৰ শ্বহীদৰ পাচতেই ভাৰতত তীব্ৰভাৱে আৰম্ভ হৈছে চীনা সামগ্ৰী বৰ্জনৰ প্ৰচাৰ অভিযান । এতিয়া এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা দেখা পোৱা গৈছে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰক । আদিত্য়নাথ নেতৃত্বাধীন বিজেপি চৰকাৰখনে ৰাজ্যখনত ব্যৱহিত চীনা বিজুলী মিটাৰ সমূহ নিষিদ্ধ ঘোষণা কৰিছে । লগতে শক্তি বিভাগকো বিগত বৰ্ষত দিয়া সকলো চীনা বিজুলী মিটাৰ ইত্য়াদি সামগ্ৰীৰ চুক্তিও বাতিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ।

অল্ ইণ্ডিয়া পাৱাৰ ইনঞ্জিনিয়াৰ্ছ ফেডাৰচেনৰ সভাপতি শ্বেলেইন্দ্ৰ ডুবেয়ে এই সিদ্ধান্তক আদৰণি জনাই কয়, কম মূল্য়তেই বস্তু সমূহ সহজ লভ্য হোৱাৰ বাবেই চীনৰ পৰা সামগ্ৰী সমূহ আমদানী কৰা হয় । অৱশ্যে মানদণ্ডৰ ক্ষেত্ৰত বস্তু সমূহ অতি নিম্ন মানৰ হয় বুলি অকপটে স্বীকাৰ কৰে সভাপতিগৰাকীয়ে । এতিয়া এই সিদ্ধান্তই "আত্মনিৰ্ভৰ ভাৰত" গঢ় দিয়াত কিছু সহায় কৰিব বুলি কয় শ্বেলেইন্দ্ৰ ডুবেয়ে ।

ABOUT THE AUTHOR

...view details