নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ :মুখত মাস্কেৰে সৈতে দেওবাৰে 65 সংখ্যক ৰাজ্যোৎসৱত অংশ গ্ৰহণ কৰাৰ বাবে বাংগালুৰুৰ শ্ৰী কান্তিৰাৱা ষ্টেডিয়ামত উপস্থিত হ'ল কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বিএচ য়েডুৰাপ্পা ৷ মন্ত্ৰী সকলৰ লগতে অন্যান্য বিষয়াসকলো উক্ত অনুষ্ঠানত উপস্থিত থাকে ৷ ক'ৰণা ভাইৰাছ সম্পৰ্কীয় সকলো নীতি নিৰ্দেশনা মানি চলি প্ৰত্যেকেই মুখত মাস্ক পৰিধান কৰা পৰিলক্ষিত হ'ল ৷ লোক শিক্ষা বিভাগৰ দ্বাৰা উক্ত উদযাপন উদ্বোধন কৰা হয় বুলি য়েডুৰাপ্পাই এক টুইটযোগে জানিবলৈ দিয়ে ৷
অন্য এটা টুইটৰ যোগেদি মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীক ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচছা জনোৱাৰ লগতে কানাড়া ভাষাৰ তাৎপৰ্যক লৈ নিজৰ অনুভৱ ব্যক্ত কৰে ৷ সকলো 65 সংখ্যক কানাডা ৰাজ্যোৎসৱৰ শুভেচ্ছা জনোৱাৰ লগতে কানাড়া ভাষা আৰু সংস্কৃতিৰ ৰক্ষাৰ্থে একেলগ হ'বলৈ আহ্বান জনাই তেওঁ টুইটাৰত এইবুলি লিখে, "Happy 65th Kannada Rajyotsavam to all the people of the country. Let us unite with the protection of Kannada language and culture and for the creation of a prosperous, healthy, coexistent, developing Karnataka. Karnataka to breathe!,"