অসম

assam

ETV Bharat / bharat

39 গৰাকী পত্নীৰে সুখৰ সংসাৰ কাৰ ? - জিঅ'না চানা

বিশ্বৰ আটাইতকৈ ডাঙৰ পৰিয়ালটো বাৰু কাৰ ? ক'ত আছে এই পৰিয়ালটো ? এই সকলো বিষয়ে জানিবলৈ চাওক আমাৰ এক প্ৰতিবেদন..

world's largest family
world's largest family

By

Published : Jun 17, 2020, 4:36 PM IST

Updated : Jun 17, 2020, 7:09 PM IST

নিউজ ডেস্ক, 17 জুনঃ এজন লোকৰ বাৰু কিমান গৰাকী পত্নী থাকিব পাৰে ? এগৰাকী, দুগৰাকী, তিনিগৰাকী নে তাতোকৈয়ো অধিক ? মিজোৰামৰ জিঅ'না চানা নামৰ লোক গৰাকীৰ পত্নীৰ সংখ্যা হয়তো আপোনাৰ বাবেও কল্পনাৰ অতীত ৷

জিঅ'না চানাই বসবাস কৰা ঘৰটো 100 টা কোঠালিৰে নিৰ্মিত ৷ কিন্তু এগৰাকী ব্যক্তি বা এটা পৰিয়াল থাকিবলৈ কিয় 100 টা কোঠাৰ প্ৰয়োজন সেই প্ৰশ্নই হয়তো কৌতুহল জন্মাইছে আপোনাৰো মনত ৷ আনহাতে তেওঁৰ পৰিয়ালৰ এসাজ আহাৰৰ বাবে প্ৰয়োজন হয় 30 টা মুৰ্গীৰ ৷ কিন্তু কিয় ?

কিয়নো জিঅ'না চানাই সেই ঘৰটোত বসবাস কৰে তেওঁৰ মুঠ 39 গৰাকী পত্নীৰ সৈতে ৷ ইতিমধ্যে তেওঁৰ পৰিয়ালটো বিশ্বৰ আটাইতকৈ ডাঙৰ পৰিয়াল হিচাপেও পৰিগণিত হৈছে ৷ জিয়'না চানাৰ পৰিয়াল কেৱল 39 গৰাকী পত্নীৰেই সমৃদ্ধ নহয় ৷ তেওঁৰ 94 গৰাকী সন্তান, 14 গৰাকী বোৱাৰী আৰু 33 টাকৈ নাতি-নাতিনীও থাকে একেটা ঘৰতেই ৷

বিশ্বৰ আটাইতকৈ ডাঙৰ পৰিয়ালটো

74 বৰ্ষীয় লোকগৰাকী ঘৰটো অৱস্থিত মিজোৰামৰ বাকট্যুৱাং গাঁৱৰ এখন পাহাৰৰ মাজত ৷ 100 টা কোঠালিৰ চাৰি মহলীয়া ঘৰটোত তেওঁৰ পত্নী সকল এটা বিশাল সামুহিক শয়ন কক্ষত শোৱে ৷ এটা ডাঙৰ হোটেল সদৃশ চানাৰ ঘৰটো সেই স্থানৰ আটাইতকৈ বৃহৎ কংক্ৰীটৰ গৃহ ৷

চানাই তেওঁৰ পৰিয়ালৰ বিষয়ে মন্তব্য কৰি কয় যে, তেওঁ নিজকে ভগৱানৰ সন্তান হিচাপে অনুভৱ কৰে ৷ সেইবাবেই ভগৱানে তেওঁক ইমান লোকৰ পৰিচৰ্যা কৰিবলৈ সুযোগ প্ৰদান কৰিছে ৷ তেওঁ নিজকে 39 গৰাকী মহিলাৰ স্বামী আৰু বিশ্বৰ সবাটোকৈ ডাঙৰ পৰিয়ালটোৰ অধিকাৰী হোৱাৰ বাবে ভাগ্যৱান হিচাপে গণ্য কৰে ৷

এই বৃহৎ পৰিয়ালটো সৈন্যৰ দৰে কিছুমান অনুশাসনৰ মাজেৰে চলে ৷ তেওঁৰ জ্যেষ্ঠ পত্নী জেঠীয়াংগীয়ে তেওঁৰ সহযোগী সকলক ঘৰৰ ভিন্ন কাম অনুযায়ী সেই কামত ন্যস্ত কৰে ৷ জানিব পৰা অনুসৰি, তেওঁলোকৰ পৰিয়ালৰ ৰাতিৰ সাজৰ বাবে প্ৰয়োজন হয় প্ৰায় 59 কিলোগ্ৰাম আলু, 104 কিলোগ্ৰাম ভাত আৰু 30 টাকৈ মুৰ্গী ৷

উল্লেখ্য যে, জিঅ'না চানা এটা সম্প্ৰদায়ৰ মুখিয়াল ৷ তেওঁ সেই সম্প্ৰদায়ৰ সকলো লোককে তেওঁলোকৰ ইচ্ছানুসৰি বিবাহ কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷

লগতে পঢ়কঃএটা বিড়ি প্ৰতিষ্ঠানৰ বিৰুদ্ধে বঙাইগাঁৱত এজাহাৰ

Last Updated : Jun 17, 2020, 7:09 PM IST

ABOUT THE AUTHOR

...view details