নিউজ ডেস্ক,30 জুলাইঃ আঙুলিৰ চাপেৰে ৰাষ্ট্ৰীয় পতাকা বনাই বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে আব্দুল কালাম ন্যাসে ৷ তামিলনাডুৰ টিৰুপুৰ চহৰত মঙলবাৰে অনুষ্ঠিত হোৱা এই মহান কামত অংশগ্ৰহণ কৰে 73গৰাকী লোকে ৷ বেচৰকাৰী সংস্থা ডিচিবিয়ে ন্যাসে গঢ়া এই অভিলেখক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে ৷
আঙুলিৰ চাপেৰে ৰাষ্ট্ৰীয় পতাকাঃ বিশ্ব অভিলেখ গঢ়িলে তামিলনাডুবাসীয়ে - আব্দুল কালাম ন্যাস
আব্দুল কালাম মাক্কাল পাথুকাপু আৰাকাট্টাালাই ওৰফে আব্দুল কালাম ন্যাসে আঙুলিৰ চাপেৰে ৰাষ্ট্ৰীয় পতাকা বনাই বিশ্ব অভিলেখ গঢ়িছে ৷ তামিলনাডুৰ টিৰুপুৰ চহৰত অনুষ্ঠিত হোৱা এই মহান কামত সৰ্বমুঠ 73 গৰাকী লোকে গঢ়িবলৈ সক্ষম হয় ৷
আঙুলিৰ চাপেৰে ৰাষ্ট্ৰীয় পতাকাঃ বিশ্বঅভিলেখ গঢ়িলে তামিলনাডুবাসীয়ে
সৰ্বমুঠ 73 গৰাকী লোকে মাত্ৰ 26 মিনিটত 112 ফুট দীঘল আৰু 5 ফুট বহল ৰাষ্ট্ৰীয় পতাকাখন প্ৰস্তুত কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷ ইয়াৰ পূৰ্বে 69সংখ্যক স্বাধীনতা দিৱসত 69 গৰাকী স্বেচ্ছাসেৱকে 30 মিনিটত আঙুলিৰ চাপেৰে ৰাষ্ট্ৰীয় পতাকা গঢ়ি তুলিবলৈ সক্ষম হৈছিল ৷ মঙলবাৰে গঢ়িবলৈ সক্ষম হোৱা এই বিশ্ব অভিলেখ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মিছাইলমেন ডঃ এ পি জে আব্দুল কালামৰ নামত উৎসৰ্গিত কৰা হয় ৷