অসম

assam

ETV Bharat / bharat

আজি বিশ্ব জৈৱিক ইন্ধন দিৱস - rkc

2030 চনলৈ 20 শতাংশ জৈৱিক ইথান’ল সংমিশ্ৰণ আৰু 5 শতাংশ জৈৱিক ইন্ধনৰ ব্যৱহাৰৰ লক্ষ্য ৷ জীৱাশ্ম ইন্ধনৰ বিকল্প হিচাপে বনস্পতি তেলৰ ব্যৱহাৰ ৷ জৈৱিক ইন্ধনৰ ব্যৱহাৰৰ উপকাৰিতা সম্পৰ্কে সজাগতা সৃষ্টি কৰাই বিশ্ব জৈৱিক ইন্ধন দিৱসৰ উদ্দেশ্য ৷ শক্তিখণ্ডত নতুন উৎসৰ সংযোজন আৰু পৰিবহণ উদ্যোগত অৰ্থনৈতিক বিকাশৰ বাবে ইয়াৰ গুৰুত্ব অপৰিসীম ৷ 2014 চনৰ পৰা জৈৱিক ইন্ধনৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে কাম কৰি আহিছে ভাৰত চৰকাৰে ৷ বৰ্তমান ভাৰত 82.1 শতাংশ খাৰুৱা তেল আৰু 44.4 শতাংশ প্ৰাকৃতিক গেছ আমদানিৰ ওপৰত নিৰ্ভৰশীল ৷

আজি বিশ্ব জৈৱিক ইন্ধন দিৱস

By

Published : Aug 10, 2019, 4:49 PM IST

নিউজ ডেস্ক, 10 আগষ্টঃ 1983 চনত ডিজেল চালিত ইঞ্জিনৰ উদ্ভাৱক ছাৰ ৰুডাল্ফ ডিজেলে প্ৰথমবাৰৰ বাবে সফলতাৰে ইঞ্জিনত বাদামেৰে তৈয়াৰী তেলেৰে পৰীক্ষণ সম্পন্ন কৰিছিল ৷ তেওঁৰ গৱেষণাত উমান পোৱা গৈছিল যে, পৰৱৰ্তী শতিকাত জীৱাশ্ম ইন্ধনৰ বিকল্প হিচাপে বনস্পতি তেল ব্যৱহাৰ কৰিব পৰা যাব ৷ আৰু সেয়ে জীৱাশ্ম ইন্ধনৰ বিকল্প হিচাপে অ-জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰক গুৰুত্ব প্ৰদান কৰি প্ৰতি বছৰে 10 আগষ্টৰ দিনটোত পালন কৰা হয় বিশ্ব জৈৱিক ইন্ধন দিৱস হিচাপে ৷ জৈৱিক ইন্ধনৰ ব্যৱহাৰৰ উপকাৰিতা সম্পৰ্কে সজাগতা সৃষ্টি কৰাই এই দিৱসৰ মুখ্য উদ্দেশ্য ৷ ভাৰতত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ দ্বাৰা 2015 চনৰ পৰা পালন কৰা হৈছে বিশ্ব জৈৱিক ইন্ধন দিৱস ৷

জৈৱিক ইন্ধনৰ পৰিৱেশ বাবে অনুকুল আৰু ইয়াৰ ব্যৱহাৰে কাৰ্বন উৎপন্ন হোৱাটো সীমিত কৰি ৰাখে ৷ উন্নয়নৰ লগতে শক্তিখণ্ডত নতুন উৎসৰ সংযোজন আৰু পৰিবহণ উদ্যোগত অৰ্থনৈতিক বিকাশৰ বাবে ইয়াৰ গুৰুত্ব অপৰিসীম আৰু ভাৰতৰ দৰে দেশৰ বাবে প্ৰয়োজনীয় ৷ জৈৱিক ইন্ধন নীতি অনুসৰি 2030 চনলৈ 20 শতাংশ জৈৱিক ইথানল সংমিশ্ৰণ আৰু 5 শতাংশ জৈৱিক ইন্ধনৰ ব্যৱহাৰ হ’ল মুল লক্ষ্য ৷ 2014 চনৰ পৰা জৈৱিক ইন্ধনৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে কাম কৰি আহিছে ভাৰত চৰকাৰে ৷ চৰকাৰৰ হস্তক্ষেপত 2013-14 চনত 38 কোটি লিটাৰ পেট্ৰ’লত ইথান’ল সংমিশ্ৰণ কৰাৰ বিপৰীতে 2017-18 চনত ইয়াৰ পৰিমাণ 141 কোটি লিটাৰলৈ বৃদ্ধি হয় ৷ চৰকাৰে ইথান’লত জি এছ টি 18 শতাংশৰ পৰা 5 শতাংশলৈ হ্ৰাস কৰিছে ৷ চৰকাৰে, এক প্ৰকাৰৰ গুড়েৰে তৈয়াৰী ইথান’লৰ মূল্য 40.85 টকাৰ পৰা 43.70 টকালৈ বৃদ্ধি কৰাৰ বিপৰীতে অন্য এক প্ৰকাৰৰ গুড়েৰে তৈয়াৰী ইথান’লৰ মূল্য 47.40 টকা স্থিৰ কৰিছে ৷

আজি বিশ্ব জৈৱিক ইন্ধন দিৱস

চীন আৰু আমেৰিকাৰ পাচত ভাৰত হ’ল তৃতীয় বৃহৎ শক্তি উপভোক্তা দেশ ৷ বৰ্তমান ভাৰত 82.1 শতাংশ খাৰুৱা তেল আৰু 44.4 শতাংশ প্ৰাকৃতিক গেছ আমদানিৰ ওপৰত নিৰ্ভৰশীল ৷ খাৰুৱা তেলৰ আমদানি হ্ৰাস কৰা, পৰিৱেশ সুস্থ কৰা, খেতিয়কৰ আয় বৃদ্ধি তথা নিবনুৱা সমস্যা হ্ৰাস কৰিবলৈ জৈৱিক ইন্ধনৰ ব্যৱহাৰ অপৰিহাৰ্য ৷ বিগত বৰ্ষত অৰ্থাৎ 2018 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল যে, 2022 চনলৈ ভাৰতে 10 শতাংশ পেট্ৰ’লত ইথান’ল সংমিশ্ৰণ কৰা হ’ব ৷ আনহাতে, 2030 চনলৈ ইয়াৰ পৰিমাণ দুগুন অৰ্থাৎ 20 শতাংশ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ লগতে, সমগ্ৰ দেশতে 12 টা নতুন জৈৱিক ৰিফাইনেৰী স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে ৷ ভাৰতে জৈৱিক ইন্ধন ব্যৱহাৰ কৰি 120 বিলিয়ন টকা ৰাহি কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ পূৰ্বে উক্ত টকাখিনি খৰচ হৈছিল খাৰুৱা তেল আমদানিত ৷ দেশৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে জৈৱিক ইন্ধনৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি ৷

ABOUT THE AUTHOR

...view details